“চতে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে বাবৰি ফুল;
তোমাৰে লগতে মৰো যদি মৰিম
এৰি যাম নিজৰে কুল।
এই প্ৰেম আছিল নিভাঁজ প্ৰেম। সৰল দুখন অন্তৰৰ সৰল প্ৰেম। যৌৱন চঞ্চল বায়ু গাত লাগি ক্ষন্তেকিয়া উত্তেজনাৰ বশৱৰ্ত্তি হৈ নহয়; ভাৱী লগৰীক যাতে প্ৰেমিকে চিৰ-লগৰী হিচাবে পাব পাৰে তাৰ বাবেহে প্ৰেমিকে বাঞ্চা কৰে। নহলে জীৱন অসাৰ্থক যেন বোধ কৰে।
“ফুৰো মই অকলে লগত নাই সাৰথি
ঈশ্বৰে কৰিছে মোক;
কৰবাত কেনেবাকৈ মৰিম গৈ লাহৰী
নাপাব লাগিলে তোক।”
কিন্তু হেজাৰ আশাৰ মাজত যেতিয়া নিৰাশা, ব্যৰ্থতাই প্ৰেমিকক আৱৰি ধৰে, কল্পনা যেতিয়া কল্পনাৰ মাজতে আবদ্ধ হৈ থাকে, বাস্তৱলৈ যেতিয়া সপোন বোৰ ৰূপায়িত হব নোৱাৰে তেতিয়া প্ৰেমিকে প্ৰকৃত প্ৰেমৰ মূল্য দি জীৱন বিসৰ্জ্জন দিবলৈ প্ৰস্তুত হয়।
“কেনেকৈ পাহৰিম তোকে ঐ লাহৰী
কেনেকৈ পাহৰিম তোক;
মিচিমি আহিব বৰ বিহ আনিব।
তাকে খাই পাহৰিম তোক।”
প্ৰেমৰ বাট নিষ্কণ্টক নহয়। প্ৰেমৰ বাটত হেঙাৰ ধেৰ। নিজৰ আই-বোপায়েই প্ৰেমিক- প্ৰেমিকাৰ প্ৰেমৰ বাটত হেঙাৰ হৈ পৰে। কিন্তু প্ৰেমৰ আগত যে আই বোপাই, ভাই ককাই তুচ্ছ সেই কথা প্ৰকাশ কৰিছে—
“আই-বোপায়েই আমাৰে শতৰু
ফুৰিব নিদিয়ে যোৰত;
তুমি ভালপোৱা ময়ো ভালপাও
আতৰি যাওগৈ দূৰত।”
প্ৰেমিক প্ৰেমিকাই জানে,তেওঁলোকৰ অবাধ মিলনৰ সুযোগ নাই। সকলোৱেই তেওঁলোকৰ শত্ৰু সেয়েহে—
“লোকক দেখুৱাই কেতেৰাই মাতিবা
ভিতৰি নেৰিবা বেথা।”
এই বিহুগীতৰ মাজত অসমীয়া কৃষ্টি নিহিত হৈ আছে। অসমীয়াৰ তামোল পান অসমীয়া কৃষ্টিৰ এটি অঙ্গ। তামোল পানৰ মূল্য অসমীয়া সমাজত আজিও উচ্চ সেয়েহে আজিও আমাৰ