পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
অসমীয়া ভাষা আৰু অসমীয়া মহাজাতিৰ অৱদান।

সপোন দেখাৰ দৰেই “ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতৰ দৰেই এই দুইবাসীৰ খিলঞ্জিয়া প্ৰীতিৰ সোঁতো আৰু বেছি কোবাল হৈ উঠিব।”

 অসমীয়া জাতিয়ে স্বাধীনতা হেৰুৱাই যি অস্বাভাবিক ভাষা-বিভ্ৰাটৰ মাজত অৰ্ধশতাব্দিৰো ওপৰ কাল নিজ সাংস্কৃতিৰ মূলতে বাগীকুঠাৰ মৰা চাই থাকিল এতিয়া আমি স্বাধীনতাৰ দহ এঘাৰ বছৰৰ পাছতো স্বইচ্ছাই তেনে আত্মঘাটি কাম কৰিবলৈ কেতিয়াও কোনোমতেই দিব নোৱাৰো। অম্বিকাগিৰী ৰায়চৌধাৰীদেৱে কবৰ দৰে অসমীয়া আজি শুই থাকিলে নহব। অসমীয়া জাগিবৰ হ'ল। সুপ্ত অসমীয়াই আজি আপোন আত্মাভিমানেৰে এই পৰ্ব্বতীয়া ভাই-ভণী সকলৰ মাজলৈ গৈ নিজৰ ধৰ্ম্ম-শিক্ষা সাংস্কৃতিৰে তেওঁলোকৰ অপ্লূট কৰি তুলিব লাগিব। ৰায়- চৌধাৰীয়ে যি ঐকান্তিক স্নেহ লৈ তেওঁলোকক আমাৰ মাজলৈ আহ্বান জনাইছে এই আহ্বানৰ স্বাৰ্থকতা একলা দুকলাকৈ বাঢ়ি গৈ পূৰ্ণচন্দ্ৰ উদ্ভাসিত হোৱাৰ দৰেই বিৰাট অসমীয়া সাংস্কৃতিত গঢ়ি উঠিব সেইদিনা পৰ্ব্বত ভৈয়ামৰাসীৰ অন্তৰত কলুষতা মলিনতা নেথাকিব বুলি আমি আশা কৰো৷

 নতুন চলিহা কেবিনেট আৰম্ভ হোৱাৰ লগেলগেই এটা বৰ সুখৰ সম্পদ পোৱা গৈছে যে ভৌগলিক হিচাবে আঁতৰি যোৱা পাহাৰীয়া ভাই সকলে অসমৰ লগত সকলো প্ৰকাৰে মিলা-প্ৰীতি ৰাখি অসমৰ সমূহ স্বাৰ্থৰ বাবে যত্ন কৰিব বুলি প্ৰতিশ্ৰুতি দিছে।

 বুৰঞ্জীয়ে আজিও ৰিঙিয়াই কয় সম্বন্ধৰ আমি ক্ষুদ্ৰ-অটুট কৰি ৰাখিবৰ বাবে অহোপুৰষাৰ্থ চেষ্টা চলাব লাগিব। অসমীয়া কালজয়ী মহাপুৰুষসকলে যি চিৰন্তন সত্য প্ৰীতি আমাৰ মাজত সিচি থৈ গৈছে সেই প্ৰীতিৰে তেওঁলোকক আমাৰ মাজলৈ আনিবই লাগিব। তাৰোপৰি মহাজাতি গঠনৰ পথত পৰ্ব্বত ভৈয়াম দুয়োবাসীৰে মিলা-প্ৰীতি নহলে ই অলিক কল্পনা হৈয়ে থাকিব। দুইবাসীৰ মিলনৰ অভাৱত অসমীয়া ভাষা-কৃষ্টি-সভ্যতা সকলো লোপ পোৱাৰ সম্ভাৱনা। বিশ্বৰ শান্তিলৈ আজি পৃথিবীৰ অন্যান্য মহাজাতি সমূহে যি দৰে নিজ নিজ বৈশিষ্টৰে অৱদান যোগাইছে আমি অসমীয়া মহাজাতিয়েও বিশ্বৰ এই শান্তিলৈ আমাৰ নিজস্ব বৈশিষ্ট্যৰে অৱদান যোগাবই লাগিব। এই ক্ষেত্ৰত আমাৰ বুকুৰ বান্ধৈ পাহাৰী ভাই-ভণী সকলৰ সহায় সহযোগ-সহানুভূতি একান্ত লাগতিয়াল।