পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
জগন্নাথ বৰুৱা কলেজ আলোচনী

 নেফাত অসমীয়া ভাষা নচলালে তাত যে অসমীয়া কৃষ্টি সভ্যতাৰ লোপ পাব তাত অলপো সন্দেহ নাই। সেয়েহে ধুবুৰী অধিবেশনত অসম সাহিত্য সভাই কেইটামান যুক্তিপূৰ্ণ দাবী গৃহ মন্ত্ৰী দপ্তৰৰ ওচৰত দাখিল কৰিছিল। দাবী কেইটা আছিল—

 (১) নেফাত এতিয়া য’ত অসমীয়া ভাষা প্ৰচাৰিত হৈ আছে সেই স্কুল-সমূহত অসমীয়া ভাষাকেই শিক্ষাৰ মাধ্যম স্বৰূপে ৰাখিব লাগে। (২) যি অঞ্চলত অসমীয়া ভাষা শিক্ষাৰ মাধ্যম হৈ থকা নাই তাত সম্ভৱ হ'লে জনজাতীয় ভাষাকে শিক্ষাৰ মাধ্যম স্বৰূপে ব্যৱহাৰ কৰিব লাগে। (৩) যদিহে জনজাতীয় লোকে অসমীয়া ভাষাৰেই শিক্ষাৰ মাধ্যম স্বৰূপে গ্ৰহণ কৰিবলৈ বাধ্য হয়, তেন্তে তাত অসমীয়া ভাষায়েই মাধ্যম স্বৰূপে ৰাখিব লাগিব। (৪) স্মৰণাতীত কালৰ পৰাই অসমীয়া ভাষাক মাধ্যম স্বৰূপে লৈ যি উমৈহতীয়া ভাষাৰ জ্ঞান অধিকাৰ কৰি আহিছে তাক সইদৰেই ৰাখি উৎসাহিত কৰা উচিত। (৫) য'ত জনজাতীয় ভাষাকে—ভাষাৰ মাধ্যম কৰা হেয় তাত অসমীয়া ভাষা শিকাটো বাধ্যতামূলক দ্বিতীয় ভাষা ৰূপে শিকোৱাৰ ব্যৱস্থা কৰিব লাগে। অসম সাহিত্য সভাৰ এই দাবীকেইটা সচাঁকৈ আদৰ্শনীয়।

 কিন্তু ভাৰত চৰকাৰে এই দাবী এতিয়াও মানি লোৱা নাই। কিন্তু যি জাতিৰ অৱদানে অসমীয়া ভাষাক অসমীয়া ভাষা হিচাবে সবল হোৱাত সহায় কৰিছে সেই জাতিৰ মাজত বিজাতীয় ভাষা এটাক কেতিয়াও ৰাষ্ট্ৰভাষা কৰিবলৈ দিব নোৱাৰি। অসম সাহিত্য-সভাৰ লগতে আমিও সহযোগীতাৰে এই নেফা অঞ্চলত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি প্ৰচাৰ কৰাৰ চেষ্টাত অগ্ৰগণি হব লাগিব। অসমীয়া ভাষাক যদি এইবোৰ ঠাইত লোপ পোৱাবলৈ হয় আমি বুজিব লাগিব যে অসমীয়া জাতিৰ ধ্বংস অবশ্যম্ভাবী।

 নীলমণি ফুকনদেৱে কবৰ দৰে “অসমীয়া ভাষাৰ দঁতাল হাতীত উঠি সংস্কৃতিৰ অভিযান অসমৰ পৰ্ব্বতে কন্দৰে, হাবিয়ে বননিয়ে চলাব লাগিব।” তেতিয়াহে পৰ্ব্বত-ভৈয়ামৰ সম্প্ৰীতি পুনৰ ঘূৰাই অনা সম্ভৱপৰ হব।

 আজি ভৌগলিক হিচাবে চিৰ যৌৱনা সোণৰ অসম বিভাগ হৈছে। অসমৰ সৌন্দৰ্য্য বিকলাঙ্গ হৈ পৰিছে কিন্তু পৰ্ব্বত ভৈয়ামবাসীৰ মাজত অনাদিযুগৰ পৰাই যি চিৰন্তন প্ৰীতিৰ সোঁত বৈ আহিছিল—সেই সোঁতক বিমুখাগামী হৈ ব’বলৈ এৰি নিদিয়াটোয়েই আমাৰ আজি প্ৰধান কৰ্ত্তব্য। পৰ্ব্বত ভৈয়ামবাসী হিচাবে নহয়—আজি আমি অসমীয়া হিচাবে দুইবাসীয়ে হাতত হাত মিলাই সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক উন্নতিৰ বাটেদি আগবাঢ়ি গৈ জগতৰ আগত দেখুৱাই দিব লাগিব যে কি দুঃসাহসেৰে আমি বাহিৰা আৰু ভিতৰুৱা সকলো ধৰণৰ সাম্ৰাজ্যবাদী কূট কৌশলৰ ওপৰত চিৰ সমাধিৰ চিতা জ্বলোৱাত কৃতকাৰ্য্যতা লাভ কৰিলো। ভৌগলিক ভাৱে তেওঁলোক আঁতৰি গলেও তেওঁলোকে যদি অসমীয়া জাতি, ভাষা আৰু অসমীয়া সাংস্কৃতিক অতীতৰ দৰেই নিজ নিজ চিন্তাধাৰা বোৱাই দিয়ে তেতিয়া হলে নীলমণি ফুকনৰ সপোন ফলৱতী হব। তেখেতে