পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
অসমীয়া ভাষা আৰু অসমীয়া মহাজাতিৰ অৱদান

ৰাখিবই লাগিব। সেই সম্বন্ধ আমি ধ্বংসৰ ঘুন ধৰিবলৈ এৰি দিব নোৱাৰো আৰু দিয়াতো উচিতো নহয়।

 বুৰঞ্জী আৰম্ভ হোৱাৰ পৰাই এইটো প্ৰমাণিত হৈ আহিছে যে অসমৰ পৰ্ব্বত ভৈয়ামৰ মাজত ভাষাৰ মাধ্যম স্বৰূপ এটা সাধাৰণ ভাষা (common language) নোহাৱাৰ কাৰণে প্ৰশাসনীয় বিশৃঙ্খলাৰ উপৰিও সামাজিক প্ৰগতিত নানান অন্তৰায় ঘটিব লাগিছে। পৰ্ব্বত ভৈয়াম উভয়বাসীয়েই “অসমীয়া’’ ভাষাকেই ভাষাৰ মাধ্যম-স্বৰূপে লৈ পৰস্পৰৰ সামাজিক-অৰ্থনৈতিক আদি জীৱনত ইজনে-সিজনক সহায় আৰু সহযোগিতা কৰি অহাৰ চেষ্টাত ব্ৰতী হব খুজিছিল। এই অসমীয়া ভাষাৰ জৰিয়তেই দুই বাসীৰ মাজৰ পৰা প্ৰভেদ আঁতৰাই তাৰ ঠাইত ঐক্যভাৱৰ প্ৰতিষ্ঠাৰ বাবে অতীতৰ ৰাজ-ৰাজোৱানেও চেষ্টা চলাইছিল। কিন্তু আজি অসমৰ পৰ্ব্বত ভৈয়ামবাসীৰ মাজত পৰা সংহতি হেৰাই গৈছে। সেয়েহে আমাৰ জাগ্ৰত অৱস্থাতে নেফাত অসমীয়া ভাষাৰ ঠাইত হিন্দীভাষাক ৰাষ্ট্ৰভাষা হিচাবে চলোৱাৰ অপচেষ্টা চলাইছে। যি পৰ্ব্বতীয়া ভাইসকলৰ অৱদান অসমীয়া ভাষা-সংস্কৃতিত আজিও বৰ্ত্তমান সেইসকলক অসমীয়া ভাষা-সংস্কৃতিৰ পৰা দূৰ কৰাৰ প্ৰচেষ্টা দেখিলে সচাকৈ অসহ্য লাগে। এখন স্বাধীন ৰাষ্ট্ৰত দুটা ৰাষ্ট্ৰভাষা চলোৱাৰ চেষ্টাক আমি সচাঁকৈ মানি লব নোৱাৰো। স্বতন্ত্ৰীয় অসমে এই ভাষা-সমস্যাৰ সমাধান ঘটাবই লাগিব।

 নেফাৰ স্কুল সমূহত হিন্দী ভাষা চলোৱাত বাধা দিয়া তাৰ নিৰীহ অসমীয়া শিক্ষক শিক্ষয়িত্ৰীবিলাকৰ ওপৰত অত্যাচাৰ চলায়ে ক্ষান্ত নেথাকি- তেওঁলোকক চাকৰিৰ পৰাও খেদাই দি কেন্দ্ৰীয় চৰকাৰে কি নীতি উলিয়াইছে বুজা নগল। তাৰোপৰি ভাৰত চৰকাৰৰ নেফা প্ৰশাসনীয় বিষয়াসকলে এই নেফা অঞ্চলৰ অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰতো অত্যাচাৰ কৰাৰ বাতৰি পোৱা গৈছে। এইবোৰ সঁচাকৈ অতি দুখৰ বিষয়।

 নেফাৰ স্কুলসমূহত অসমীয়া ভাষাকেই চলাইছিল আৰু পৰ্ব্বতীয়া ভাইসকলে অসমীয়া ভাষাতেই ভাৱৰ আদান-প্ৰদান কৰিছিল। কিন্তু এই ক্ষেত্ৰটো নেফা প্ৰশাসনীয় বিষয়াসকলে হস্তক্ষেপ কৰিছে। নেফাত বিশেষকৈ সাতশ্ৰেণী পাৰ্ব্বত্য-লোকে বসতি কৰে। তেওঁলোক হৈছে- এদু, খামতি, আবৰ, সিজু, দিগাৰ, মিৰি, চিংফৌ আৰু তীব্বতীয়। এওঁলোকৰ মাজত নেফা প্ৰশাসনক নৃ-তাত্বিক উপদেষ্টা ডক্তৰ ভেৰিয়াৰে “মহাত্মা গান্ধী” বুলি কিতাপ এখন সংকলন কৰি বিভিন্ন ভাষাত প্ৰচাৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। এই ইচ্ছাত অসমীয়া ভাষাত বাহিৰে অইন ভাষাত কিতাপখন সংকলন কৰিবলৈ অনুমতি দিয়ে। এই নীতি সচাঁকৈ অতি নীচ ভাবাপন্ন।

 যেতিয়া অসমৰ ৰাজ্যপাল ফজল আলিয়ে নেফা পৰিভ্ৰমণ কৰিছিল তেতিয়া নেফা অঞ্চলৰ লোকসকলে তেখেতক এখন স্মাৰক পত্ৰ দিছিল। এই স্মাৰক পত্ৰত তেওঁলোকে উল্লেখ কৰিছিল যে এওঁলোকৰ মাজত বহুকালৰ পৰাই অসমীয়া ভাষাৰ জৰিয়তে ভাবৰ বিনিময় হৈ আহিছে। এনে অৱস্থাত এওঁলোকে অসমীয়া ভাষা-সংস্কৃতিৰ লগত নিজক আৱদ্ধ ৰখাৰ ইচ্ছা প্ৰকাশ কৰাৰ স্বত্ত্বেও ভাৰত চৰকাৰে এওঁলোকৰ দাবীলৈ আওকাণ কৰি থাকিল।