পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
জগন্নাথ বৰুৱা কলেজ আলোচনী

 অৱশ্যে আনকেইখন পাৰ্ব্বত্য জিলাৰ নেতাসকলেও ষষ্ঠ-অনুসূচীৰ শাসন-ব্যৱস্থাক মনঃস্ফুট নাই হোৱা বুলি দাবী জনাইছে। ৰাজ্য চৰকাৰৰ সহযোগ নাই পোৱা বুলি তেওঁলোকে বহুতে আপত্তি উঠাইছে। আনকি ৰাজ্য পুনৰ গঠন আয়োগৰ সময়ত তেওঁলোকে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বহুতো অভিযোগ তুলিছিল। ইয়াতকৈ বেছি দুখৰ কথা যে যেতিয়া গৃহমন্ত্ৰী পণ্ডিত পন্তে অসম ভ্ৰমণ কৰিছিল তেতিয়া ইষ্টাৰ্ণ ট্ৰাইবেল ইউনিয়নে অসম চৰকাৰ আৰু অসমীয়ালোকৰ বিৰুদ্ধে অতিৰঞ্জিত আৰু ভিত্তিহীন অভিযোগ কিছুমান উত্থাপন কৰিছিল। এই পৰ্ব্বতীয়া লোক সকলে অসমীয়াক কিয় ভুল বুজিলে তাৰ কাৰণ বিচাৰি গলে বহুত অপ্ৰিয় সত্যই আবিষ্কাৰ হব। স্থানীয় স্বায়ত্ব শাসনৰ আকাৰত তেওঁলোকক যি সুবিধা অৰ্জন কৰা উচিত আছিল সেই সুবিধা দিয়াৰ চেষ্টা ভাৰত তথা অসম চৰকাৰে সচাঁকৈ কৰিছিল বুলি মনে নধৰে। কিন্তু অসমীয়া জনসাধাৰণে তেওঁলোকৰ শাসন-ব্যৱস্থাত কোনো দিনেই হস্তক্ষেপ কৰা নাছিল। ভাৰত চৰকাৰে স্বাধীনতাৰ পাছতো “নেফা” অঞ্চলটোক অসমৰ পৰা পৃথক নকৰি একেলগে শাসন-ব্যবস্থাত লোৱা হলে হয়তো এনে বিদ্ৰোহ আজি তাত নহ'লহেতেন।

 খৃষ্টীয়ান মিছনেৰীসকলে অসমীয়া ভাষাত আদিতে যি দান দিলে তাক পাহৰিব নোৱাৰি। কিন্তু শেষলৈ এই মিছনেৰীসকলে অসমীয়া ভাষাক ‘ৰোমান’ আখৰৰ সহায়ত নামত মাত্ৰ অসমীয়া শিকাইছিল। আনহাতেদি এওঁলোকে অসমীয়া ভাষা সংস্কৃতিৰ ওচৰলৈকে এই পৰ্ব্বতীয়া ভাইসকলক যাবৰ সুবিধা নিদিলে। আজিও এই তলে-পুতল মিছনেৰীসকলে নগা আদি পৰ্ব্বতীয়া লোকসকলৰ মাজত ধৰ্ম্মৰ দোহাই দি অসমীয়া বিদ্বেষী বীজ সিচিব লাগিছে। দুখৰ বিষয় এই বিষয়ে অসমীয়া নিজেও বহু পৰিমাণে জগৰীয়া। কিয়নো সাত-সাগৰ তেৰনদীৰ সিপাৰৰ পৰা এই মিছনেৰীসকল আহি এওঁলোকৰ মাজত শিক্ষা দীক্ষাৰ প্ৰচাৰ কৰি নৱ আনন্দত নৱ সভ্যভাত অপ্লূট কৰি তুলিল অথচ আমি ঘৰৰ হৈও এওঁলোকৰ এচেৰিমানো উপকাৰৰ কথা চিন্তা নকৰিলো।

 আমাৰ চাৰিওফালে শঙ্কৰদেৱৰ উদ্ভাসীত একনামধৰ্ম্মৰ প্ৰতিষ্ঠিত বহুতো সত্ৰ আছে। মিছনেৰীসকলে উত্তৰ মেৰুৰ পৰা দক্ষিণমেৰুলৈ ধৰ্ম্মৰ যি আন্দোলন চলাইছে তাৰ তুলনাত আমাৰ অসমৰ সত্ৰীয় ভকত সকলে কেৱল স্বাৰ্থান্ধ হৈ নিজক সত্ৰৰ মাজত আৱদ্ধ ৰখাৰ বাহিৰে আন একো কৰিব পৰা নাই। এওঁলোকেও যদি এই মিছনেৰীসকলৰ দৰেই পৰ্ব্বতীয়া ভাইসকলৰ মাজত সোমায় নিজ ধৰ্ম্ম আৰু আদৰ্শৰে এওঁলোকক অনুপ্ৰাণিত কৰিলেহেতেন—তেনেহলে আজি অসমত অশান্তিৰ ধুমুহা বলিব লগা নহলহেতেন।

 এই পৰ্ব্বতীয়া ভাইসকলৰ অন্তৰত আমি ঐকান্তিক প্ৰীতিৰ সোতাঁ বোৱাব লাগিছিল এওঁলোকৰ লগত, আমি বৈৱাহীক সূত্ৰত আৱদ্ধ হব লাগিছিল। যিয়েই কি নহওক এতিয়া টেটুফালি চিয়ঁৰিলেও তেওঁলোক ঘূৰি নাহে। ভৌগোলিক ভাৱে তেওঁলোক আতঁৰি গলেও অতীতৰ পৰা তেওঁলোকৰ লগত আমাৰ যি সামাজিক আৰু সাংস্কৃতিক সম্বন্ধ চলি আহিছিল—সেই সম্বন্ধ বজাই