পৰ্ব্বতৰ ওপৰ খণ্ডত যেতিয়া ইউৰুপীয় চাহখেতিয়কসকলে ব্যৱসায় আৰম্ভ কৰিছিল তেতিয়াই তেওঁলোক সজাগ হৈছিল। কিন্তু সুচতুৰ ইংৰাজে এই পৰ্ব্বতীয়াভাইহঁতৰ সৰল আচৰণ বুজিব পাৰিলে। ভৈয়ামৰ উন্নতিশীল লোকৰ লগত পৰ্ব্বতীয়া লোকসকলৰ যদি ঘনিষ্ট সম্বন্ধ বিচ্ছেদ কৰে তেতিয়াহলে তেওঁলোকৰ স্বাৰ্থত বাধা পৰিব। এই ভয়ে সুচতুৰ ইংৰাজক সাৱধান কৰি দিলে। সেয়েহে এওঁলোকে দুয়োবাসীক দুয়োৰে পৰা আতৰ কৰাৰ চেষ্টাত ব্ৰতী হ’ল।
১৮৮৩ চনত সীমান্ত অঞ্চল বিষয়ক এক নতুন আইন কৰা হ'ল। এই আইন মতে শাসন বৰ্হিভূত আৰু আংশিক শাসন-বহিৰ্ভূত অঞ্চল গঠন কৰি পৰ্ব্বতীয়াসকলক সম্পূৰ্ণৰূপে অসমৰ পৰা ফালি ৰখা হ’ল। এওঁলোকক সমসাময়িক ভাৰতীয় শাসনৰ ক্ৰমপৰিবৰ্ত্তনৰ পৰা দূৰৈত ৰাখি এওঁলোকৰ উন্নতিত বাধা দি থলে। অসমীয়াই বৃটিছৰ এই কূটনীতিৰ অন্তৰালত থকা বিষবীজৰ সন্ধান নেপালে। সেই দৰেই শিক্ষাৰ ক্ষেত্ৰটো তেওঁলোকক একেবাৰেই তল পেলাই থলে। ১৯৩১ চনৰ পিয়লত পিয়ল কমিচনাৰ এওঁলোকৰ মাজত বহুল ভাবে শিক্ষাৰ আৱশ্যকতাৰ মন্তব্য প্ৰকাশ কৰিছিল। অথচ তেতিয়াও বৃটিছ গভৰ্ণমেন্টে এই কথালৈ কেৰেপকে নকৰিল। এই বাবে বিদেশী- শাসক চিৰদিনেই জগৰীয়া হৈ ৰ'ব। যি কম সংখ্যক পৰ্ব্বতীয়া লোক শিক্ষিত হল—সেইটো মিছনেৰী সকলৰ অনুগ্ৰহ।
পৰ্ব্বতীয়া জাতি ভাই সকলক উন্নতিৰ বাটলৈ নিব পাৰিলোহেতেন যদি তেতিয়াই এওঁ- লোকক দেশৰ অন্যান্য ৰাজনৈতিক অৰ্থনৈতিক আদি অৱস্থাৰ লগত খাপ খুৱুৱা হ'লহেতেন। যেতিয়া সমগ্ৰভাৰত জুৰি শাসন-তান্ত্ৰিক পৰিবৰ্ত্তনৰ উগ্ৰ আশা জাগিছিল সেই সময়ত অসমৰ ভৈয়াম আৰু পৰ্ব্বত দুই ঠাইৰ লোকৰ মাজত সম্মিলিত অসমৰ কাৰণে এক তীব্ৰ আকাঙ্খাই দেখা দিছিল। কিন্তু অতি দুখৰ কথা যে আজি এই একেদল লোকেই পাৰ্ব্বত্য ৰাজ্যৰ দাবী উত্থাপন কৰি অসমৰ মধুৰ আৱহাৱাক নষ্ট কৰি পেলালে। অসমৰ নতুন শাসন তন্ত্ৰত পৰ্ব্ব তীয়া লোক সকলক সমানে শাসন কৰা নহ'ল অথচ সংস্কৃতিক নীতি নিয়ম, বুৰঞ্জী আৰু জাতীয়তাবাদ এই সকলো ফালৰ পৰাই অতীতৰ এই অঞ্চলবিলাক অসমৰ এক এৰাব নোৱাৰা সম্পদ আছিল। পৰ্ব্বত-ভৈয়াম- বাসী দুয়ো-দুয়োকে অতীতৰ পৰাই জগতৰ আন সকলোতকৈ বেছি ওচৰ সম্বন্ধৰ আৰু আপোন বুলি মানি আহিছিল।
স্বাধীন ভাৰতৰ নতুন সংবিধানৰ ষষ্ঠ অনুসূচীত এই পৰ্ব্বতীয়া ভাই সকলৰ সূকীয়া আচাৰ- ব্যৱহাৰ , ৰীতি-নীতি ৰক্ষা কৰাৰ আচনি দাঙি ধৰিছিল। কিন্তু নগা পাহাৰ জিলাখনে এই আচনি মানি নললে। তেওঁলোকৰ চিৰ স্বাধীন মনে “স্বাধীনতা” বিচাৰি বিদ্ৰোহ ঘোষণা কৰিলে। যি নগাৰ অন্তৰত অসমীৰ সৌন্দৰ্য্যবোধত প্ৰথম জিলিঙনি জিলিঙিছিল—যি নগাৰ গাভৰুৰে কেঁচা সোণক কাষত ৰখাৰ আকুল আগ্ৰহ দেখুৱাইছিল—সেই নগাই আজি অসমৰ বুকুত অশান্তিৰ বতাহ বোৱাইছে – অসমৰ পৰা আতঁৰি গৈ নতুন বেলেগ ৰাজ্য স্থাপন কৰাৰ কল্পনা কৰিছে। সচাঁকৈ এইটো অতি দুখৰ বিষয়।