পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
জগন্নাথ বৰুৱা কলেজ আলোচনী


ডালিমিক পাম নৰোত্তমক পাম। সেইদৰেই শ শ কুৰঙ্গনয়নীৰ আজিও মণিপুৰ ৰাজদৰবাৰত জন্ম হব লাগিছে। কিন্তু কালৰ কি আশ্চৰ্য্য শক্তি? এই সকলো আজি বিস্মৃতিৰ গৰ্ভত বিলীন হৈ পৰিছে।

 এইদৰেই অতীতৰ পৰাই দুয়োবাসীৰ মাজত ৰাজনৈতিক, সামাজিক, অৰ্থ নৈতিক ক্ষেত্ৰত সহযোগ দেখা যায়। ইমান দিনীয়া খিলঞ্জীয়া প্ৰীতিক আজি বাহিৰৰ উগ্ৰ-ধ্বংশাত্বক বতাহে চুৰমাৰ কৰি দিবলৈ চেষ্টা চলাইছে। এই চেষ্টাক আমি ধূলিসাৎ কৰিবই লাগিব।

 পোন-প্ৰথম অসমলৈ অহা চুকাফা আদি আহোমসকলে ইয়াৰ স্থানগিড়িসকলৰ লগত বন্ধুত্ব স্থাপন কৰি শেষত দুয়ো জাতিৰ বেলেগ বেলেগ জাতীয় বৈশিষ্ট একত বিলীন কৰি এক অভিনব জাতি আৰু অভিনব সংস্কৃতিৰ জন্ম দিলে। কিন্তু সেই প্ৰীতিৰ ওপৰত আজি ঘুনে ধৰিছে। সেই স্থানগিড়িসকল অসমৰ পৰা আতঁৰি গৈ অসমৰ চিৰযৌৱনা সৌন্দৰ্য্যক বিকলাঙ্গ কৰিব খুজিছে।

 পৰ্ব্বত ভৈয়ামৰ সম্প্ৰীতিক পৰস্পৰৰ মিলাপ্ৰীতিৰ মাজেদিয়েই, বুজাপৰাৰ মাজেদিয়েই জীয়াই ৰাখিব লাগিব। আধুনিক যুগৰ বাক্য তৰ্কত, চাল-চলনত এই জনজাতীয় লোকসকল পৰিপক্ক নহলেও সৰল-সহজ বুদ্ধি এওঁলোকৰ অতি প্ৰখৰ। মুখত সৰল হাঁহি লৈ, নিস্বাৰ্থ প্ৰীতিৰে অধৰ ভৰাই লৈ এওঁলোকৰ কাষ চাপিলে আমি দেখিম এওঁলোকে কেঁচুৱাৰ দৰেই আমাৰ মাজত জপিয়াই পৰিব—আমাৰ বুকুলৈ ল’ৰি আহিব। কিন্তু অসমীয়াই এই সৰল সহজ জনজাতিসকলক সভ্যতাৰ মুখাপিন্ধি পাহৰি পেলালে। বৃটিছ আমোলৰ লগে লগেই এই ভাৱ বেছি প্ৰখৰ হবলৈ ধৰিলে। অৱশ্যে কলহে কলহে ঠেকাখোৱাৰ দৰেই অতীতত মাজে সময়ে দুয়োজাতিৰ মাজত সংঘৰ্ষ হৈছিল যদিও সি খন্তেকীয়া আছিল। উচ্চ মনোবৃত্তি আৰু ঐকান্তিক দেশপ্ৰেম এওঁলোকৰ অন্তৰত প্ৰৱল ভাবে বৈছিল বাবেই কোনেও কাৰো ওচৰত পৰাধীন হৈ থাকিবলৈ ইচ্ছা নকৰিয়েই এই সংঘৰ্ষ চলাইছিল।

 ভৈয়ামবাসীয়ে এওঁলোকক অৱজ্ঞা কৰাৰ উমান পাই এওঁলোকৰ আত্মাভিমানী সৰল অন্তৰে বিদ্ৰোহ কৰি উঠিল। তাৰোপৰি ইংৰাজ আমোলাত এওঁলোক ইংৰাজ মিছনেৰীসকলৰ দ্বাৰাই এনেকুৱাকৈ অনুপ্ৰাণিত হৈ পৰিল যে হাজাৰ হাজাৰ যুগৰ পৰা অসমীয়াৰ লগত এওঁলোকৰ যি সম্বন্ধ আছিল অক্ষুন্ন সেই অসমীয়াৰ পৰা আতঁৰি পৰাৰ কল্পনা কৰিবলৈও এওঁলোক কুণ্ঠিত নহল ও দুঃখিত নহল। ইংৰাজ মিছনেৰীসকলে এওঁলোকক যি দৰে নিজধৰ্ম্ম শিক্ষা, সভ্যতা, সংস্কৃতি দান কৰি নতুন সভ্যতাৰ জিলিঙনিত জিলিকাই তুলিল সেইদৰেই অসম বিদ্বেষী বিষবীজ এওঁলোকৰ আন্তৰত সিঁচিলে।

 পৰ্ব্বতীয়া জাতিবিলাকক বৃটিছ শাসনৰ তলত কেনেকৈ সুমুৱা হ’ল তাৰ ইতিহাস আমি জানো। আধুনিক ভাৱেৰে নহলেও কেনেকৈ এই পৰ্ব্বতীয়া জাতিবিলাকে কম-বেছি পৰিমাণে সম্মিলীত অসম দেশৰ তলত আত্মনিয়ন্ত্ৰনৰ অধিকাৰ ভোগ কৰিছিল সেই কথাও আমি আলোচনা কৰি আহিছো। যদিও আমি তেওঁলোকক আমাৰ একে সমাজেৰে পৰ্য্যায়ভুক্ত কৰি লোৱা নাছিলোঁ তথাপিও দুয়োবাসীৰ সহজ সৰল আদান-প্ৰদানে দুয়োকে আপোন কৰি ৰাখিছিল।