সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৫
সম্পাদকীয়

সি ডাক্তৰি শাস্ত্ৰত বা যৌন জীৱনৰ অদ্ভুত আচৰণ বৰ্ণনা কৰা পুথিতহে সম্ভৱপৰ হ'ব। এনে শাস্ত্ৰ বা পুথি সাহিত্য নহয়। সত্যক অন্তৰেৰে উপলব্ধি কৰিহে প্ৰকাশ কৰা উচিত। যৌন জীবনৰ নানা তত্ত্বলৈ উৎকৃষ্ট আৰু শ্ৰেষ্ঠ সাহিত্য ৰচনা কৰিব নোৱাৰি। কেতিয়াবা পাৰিলেও সদায় নোৱাঁৰি। এনে সাহিত্য ‘থিয়ৰি’ৰ ভিত্তিত সৃষ্টি, সি লিখকৰ প্ৰেক্‌টিকেল প্ৰসূত নহয়। বিস্তৃত অধ্যয়নেৰে যদি অভিজ্ঞতা নাথাকে প্ৰকৃত সাহিত্য কেতিয়াও সৃষ্টি হব নোৱাঁৰে। বাহিৰৰ জগতখনক নজনাকৈয়ে কিতাপত থকা কথাবোৰ পঢ়ি, বহিঃজগতক উপলব্ধি কৰি, সাহিত্য সৃষ্টি কৰিলে সেই সাহিত্য, সেই সাহিত্যিক সকলোৱেই খন্তেকীয়া, ক্ষণস্থায়ী হ’ব। যৌনধৰ্ম্ম বৰ্ণনা কৰা পুথি নিষিদ্ধ পুথি—সেই পুথি সকলোৰে কাৰণে নহয়। এইবোৰ যদি সাহিত্য হ’লহেতেন এনে জাতৰ পুথিত দিয়া উদাহৰণবোৰ শ্ৰেষ্ঠ সাহিত্য হ'লহেতেন।

 সাহিত্যত বলিষ্ঠতা লাগে। তাক সকলোৱেই স্বীকাৰ কৰিব। “সাহেই সাহিত্য” কিন্তু এই কথা জানা উচিত সাহিত্যত বেয়া চিত্ৰ অঙ্কন কৰা সি দুঃসাহস—সি সৎসাহস নহয়। আমাৰ মানুহৰ দুৰ্বল চিত্তত কুৎসিত সাহিত্যই কিমান অপকাৰ কৰিছে তাক আজি চিন্তা কৰিবৰ সময় আহিল। আমাৰ দেশত মদ খাই হজম কৰিব নোৱাৰি মানুহে মাতলামি কৰে; ফ্ৰান্সত সিমান পৰিমাণৰ মদ খাই কোনো মানুহেই মাতালামি নকৰে। যিটো সেই দেশত সম্ভৱ এই দেশত সি অসম্ভৱো হ'ব পাৰে। ভৌগলিক হিছাবে যেনেকৈ দুখন দেশৰ ভিতৰত জলবায়ুৰ বিভিন্নতা আছে সেইদৰে মানুহৰ মনৰো, দেহৰো বিভিন্নতা আছে।

 সাহিত্যত সংযম লাগে। সাহিত্যত সাহিত্যিক প্ৰতিভা প্ৰকাশ পাব লাগে। বহল পটভূমিক লৈ, নানা চৰিত্ৰ নানা ঘটনালৈ সাহিত্যিক সকলে তেওঁলোকৰ লিখনিৰ বলিষ্ঠতাৰ প্ৰমাণ দিয়ক। মানুহক অতি মানুহ কৰা আমি নিবিচাৰোঁ। কিন্তু চিৰন্তন মনুষ্যত্বৰ প্ৰকাশ ঘটিব লাগিব। ৰোমান্টিক যুগৰ ভাৱ-বিলাস, কল্পনা-বিলাস আমাক নেলাগে। আমি সাহিত্যত বাস্তৱতাকেই বিচাৰিছোঁ। কিন্তু ইয়াক বৰ্ণনা কৰোঁতে ই যাতে উকা নঙঠা বৰ্ণনা নহয় তালৈ সাহিত্যিক সকলে সচেতন হোৱা উচিত।

 এসময়ত ভাৰতীয় মনীষীয়ে চিন্তা কৰি নতুন নতুন তথ্যৰ উদ্ভাৱন কৰিছিল। আৰু এই বিষয়ত পশ্চিমীয়া লোক সকলতকৈ বহুত আগবঢ়া আছিল। কিন্তু আজি ভাৰতীয় মানুহৰ চিন্তা কৰিবৰ অৱসৰ নাইকিয়া হল। আমাৰ ভাৱ ধাৰা, ভাষা-সাহিত্য সকলো পশ্চিমীয়া আদৰ্শৰ আৰু সাহিত্যৰ অনুকৰণত গঢ়ি উঠিছে। অনুকৰণ প্ৰিয়তাই আমাক পঙ্গু কৰি পেলালে। মানসিক শাৰীৰিক সকলো ফালেই আমি আজি দেৱলীয়া হৈছে। মৌলিক চিন্তা প্ৰসূত আৰু নিজস্ব প্ৰকাশ ভঙ্গীৰেহে বিশ্বসাহিত্যৰ সৃষ্টি কৰিব পাৰি। সকলো মানুহৰ প্ৰকৃতিৰ ভিতৰত এক সাধাৰণ ঐক্য আৰু সমতা আছে। ইয়াকেই মানুহৰ স্বাভাবিক ধৰ্ম বা মানৱ প্ৰকৃতিৰ শাশ্বত সত্য বুলি অভিহিত কৰিব পৰা যায়। এই শাশ্বত সত্যবোৰকে যেয়ে নিপুণভাৱে প্ৰয়োগ কৰিব পাৰিছে সেয়েই শ্ৰেষ্ঠ