পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৪
জগন্নাথ বৰুৱা কলেজ আলোচনী

সাহিত্যত বাস্তৱতা:

 "Every nation has a different soul, which like a violin, conserves its peculiar timbre through all changes."-Sir Francis Younghusband.

 প্ৰত্যেক জাতিৰে প্ৰত্যেক দেশৰে ভাষা আৰু সাহিত্য আছে। এই ভাষা সাহিত্য একক, এক সুকীয়া বস্তু। T. S. Eliotয়েও কৈছে, “Every nation, every race has not only its own creative but its own critical turn of mind......’’৷ বহুত দিনৰ আগতে শ্ৰীঅম্বিকাগিৰি ৰায় চৌধুৰী দেৱে দিয়া আহ্বানক অসমীয়া ৰাইজে আকৌ সুৱঁৰিবলৈ মিনতি জনালোঁ। আনৰ দ্বাৰা প্ৰভাৱন্বিত হৈ কেতিয়াও কোনো কালে উৎকৃষ্ট কিবা এটাৰ সৃষ্টি নহয়। নিজৰ মৌলিকত্বক বিসৰ্জন দিলে কাউৰী মৰা হ'বলৈ যোৱাৰ নিচিনা কথা হ'ব।

 আমাৰ সাহিত্যত বৰ্ত্তমান বাস্তৱতাৰ জোৱাৰ উঠিছে। উঠক। আমাৰ তাত আপত্তি নাই। কিন্তু আমাৰ এদল সাহিত্যিকে পশ্চিমীয়া সাহিত্য অধ্যয়ন কৰি বিশেষকৈ ন’ৰৱেজিয়ান, ফ্ৰেন্স আৰু আমেৰিকান সাহিত্য, হজম নহৈ বদহজম হোৱাত ভাৱি লৈছে যে গল্প আৰু উপন্যাসত মৈথুন চিত্ৰ আঁকিলেই বাস্তৱ সাহিত্যৰ সৃষ্টি কৰাৰ সাৰ্থক হৈছে। আজি অসমীয়া সাহিত্যত মৈথুন চিত্ৰ অঙ্কন কৰাৰ ঢল বৈছে। সাহিত্যত মৈথুন চিত্ৰ অঙ্কন কৰিলেই বাস্তৱ সাহিত্যৰ সৃষ্টি নহয়। স্বীকাৰ কৰোঁ, আহাৰ, নিদ্ৰা, মৈথুন মানৱ জাতিৰ আদিম প্ৰবৃত্তি। মৈথুন চিত্ৰ অঙ্কন কৰা সাহিত্য—ক্ষীণ এচেৰেঙা ৰ’দ। এই সাহিত্য কালজয়ী, হৃদয়গ্ৰাহী সাহিত্য নহয়। এই সাহিত্য কলেজীয়া ছাত্ৰৰ সাহিত্য। আমাৰ পৰা নিলগত থকা সংসাৰী সকলৰ কাৰণে এই সাহিত্য অসুস্থ সাহিত্য।

 ভাৰতীয় মানুহ অন্ততঃ পশ্চিমীয়া মানুহৰ দৰে উগ্ৰ মৈথুনাসক্ত নহয়। আমাৰ মানুহ নিজু, ধৰ্ম্মভীৰু আৰু শান্ত প্ৰকৃতিৰ। অসমীয়া সাহিত্য অকল কলেজত পঢ়া ডেকা সকলৰ কাৰণেই নহয়—আমাৰ গাৱঁত থকা ভাইভনী, ককাই ভাইহঁতৰ কাৰণেও। আমাৰ এই আধামৰা মানুহবোৰৰ মন, দেহ খুব শান্ত, নিৰ্জ্জু প্ৰকৃতিৰ। সাহিত্য কোনো এক গণ্ডীত সোমাই থাকিব নোৱাৰে, সাহিত্যৰ পথাৰ খুব বহল, খুব দীঘল। অতীততে যে আমাৰ সাহিত্যত ৰমন ক্ৰিয়া লৈ সাহিত্য গঢ়ি উঠা নাছিল তেনে নহয়—তাৰ প্ৰমাণ ৰাধাহৰণ আদি। মৈথুন চিত্ৰ অঙ্কন কৰি সাহিত্য সৃষ্টি হওক কিন্তু বাস্তৱতাৰ দোহাই দি তাৰ অতিমাত্ৰা প্ৰয়োগৰ আমি পক্ষপাতী নহওঁ। দুই এক সাহিত্যিকে এনে ধৰণৰ সাহিত্য সৃষ্টি কৰক কিন্তু সকলোৱেই বাস্তৱ কৰিবলৈ গৈ এনে কৰা উচিত নহয়। মনত ৰখা উচিত যে আমাৰ পুৰণি সাহিত্যৰ ভঁৰাল অকল ‘ৰাধাহৰণ’ আদিৰ নিচিনা পুথিৰেই পূৰ্ণ নাছিল। তাৰোপৰি সেই সময়ৰ সেই সমাজৰ পৰিবেশটোক পাহৰি গ'লে ভুল কৰা হ'ব। পায়খানা ঘৰত অঙ্কিত চিত্ৰ সমূহ আজি সাহিত্যত বৰ্ণিত হৈছে। পায়খানা ঘৰৰ কদৰ্য্য ছবি দেখি চিত্ৰকৰক কুৰুচিপূৰ্ণ, মস্তিক বিকাৰ থকা আদি নানা ধৰণে গৰিহনা দিওঁ। কিন্তু সাহিত্যত যেতিয়া এইবোৰ প্ৰকাশ আৰু এই চিত্ৰই অঙ্কিত হৈছে তেতিয়া এদল লোকৰ পক্ষে নাক কোচোৱাৰ বাহিৰে উপায় নেথাকে। যৌন জীৱনৰ বৈচিত্ৰময় বিসদৃশ নানা থিয়ৰি লৈ সাহিত্য সৃষ্টি কৰিব নোৱাৰি।