পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৬
জগন্নাথ বৰুৱা কলেজ আলোচনী

সাহিত্যিক হব পাৰিছে। শকুন্তলা বিশ্বসাহিত্যৰ শ্ৰেণীত এই কাৰণেই পৰে। এই শাশ্বত সত্য যি প্ৰকাশ কৰিব পাৰিব সিহে বিশ্বৰ সাহিত্যিক হ'ব আৰু নৱভাৱধাৰাৰ স্ৰষ্টা হ’ব।

সাহিত্যিক সকললৈ আহ্বান :

 আমাৰ দেশত বৰ্ত্তমান ভাষা সমস্যাই গুৰুতৰ আকাৰ ধাৰণ কৰিছে। ভাষা-বিৰোধে দেশত এটা অশান্ত পৰিবেশ গঢ়ি তুলিছে। ভাৰতৰ ৰাষ্ট্ৰভাষা হিন্দীয়েই বা ইংৰাজীয়েই হওক আমি আমাৰ নিজৰ প্ৰাদেশিক ভাষাৰ কথা পাহৰি যোৱাটো উচিত নহ'ব। ভাৰতীয় সংবিধানে চৈধ্যটা ভাষাক স্বীকৃতি দিছে। ইয়াৰ ভিতৰত অসমীয়াও এটা। শ্ৰীনেহেৰুৱে এই বুলি মত প্ৰকাশ কৰিছে যে প্ৰত্যেক প্ৰদেশৰ লোকে সেই প্ৰদেশৰ ভাষাক চৰ্চ্চা আৰু তাক সুস্থ আৰু সৱল কৰি গঢ়ি তোলাৰ স্বত্ত্ব আছে। গতিকে ভাষা-বিৰোধত পৰি প্ৰাদেশিক ভাষা বিলাক যাতে দুৰ্ব্বল হৈ নেয়ায়— সেই ভাবিয়েই নেহেৰুজীয়ে এই মত প্ৰকাশ কৰিছে।

 অসমীয়া ভাষাক চহকী বুলি আমি ক'ব নোৱাৰোঁ। আমাৰ ওচৰা-ওচৰিকৈ ১২০টা। দোৱান অসমত চলে। অসমীয়া ভাষাক চহকী কৰি তোলাৰ আৰু তাক সুস্থ সৱলৰূপ দিয়াৰ আজি এক ডাঙৰ আহ্বান আহিছে। আমাৰ সাহিত্যিক সমাজে আজি সাহসেৰে তাক গ্ৰহণ কৰিব পাৰিব লাগিব।

 ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত বাতৰিকাকতৰ সংখ্যা বৰ কম। বৰ্ত্তমান দুখন দৈনিক বাতৰি কাকত অসমত চলে। মাহেকীয়া আলোচনী ’ৰামধেনু’ৱেই একমাত্ৰ। এই এখন মাহেকীয়া আলোচনীয়ে জানো সকলো লিখকৰ লিখনি প্ৰকাশ কৰিব পাৰিব? সাহিত্যৰ বাহন আৰু আহিলা এই বাতৰিকাকত আৰু আলোচনী বিলাক। এই বিলাকৰ যোগেদিয়েই সাহিত্যিক সকলৰ আৱিষ্কাৰ হয়। সাহিত্যিক সকলে আকৌ সাহিত্যক আৱিষ্কাৰ কৰে ইয়াৰ যোগেদিয়েই। এতিয়া প্ৰধান কথা হৈছে আমাৰ আৰু কেইবাখনো মাহেকীয়া আলোচনী লাগে। যদি আৰু মাহেকীয়া আলোচনীৰ জন্ম নহয় অসমীয়া সাহিত্যৰ অদূৰ ভবিষ্যত ভাৱিবলগীয়া হ'ব পাৰে। যোৰহাট, ডিব্ৰুগড়, নগাওঁ আদিৰ সাহিত্যপ্ৰেমী আৰু সাহিত্য-সেৱী সকলে যদি চেষ্টা কৰে আমাৰ বিশ্বাস নিশ্চয় মাহেকীয়া আলোচনী উলিওৱা প্ৰচেষ্টা ফলৱতী হ'ব। আমাৰ ছাত্ৰ সমাজেও এই বিষয়ত বৰঙণি যোগোৱা উচিত।

 আমাৰ সাহিত্যত এতিয়াও বিদেশী সাহিত্যৰ শ্ৰেষ্ঠ গ্ৰন্থৰাজিৰ অনুবাদ হোৱা নাই। ’ৱাৰ এণ্ড পিচ’ৰ অসমীয়া অনুবাদ আজিলৈকে নহ'ল। আমাৰ উঠি অহা সাহিত্যিক সকলে যদি এই ক্ষেত্ৰত তৎপৰ হয়—তেনেহলেও আমাৰ সাহিত্য-ভঁৰালক বহুতো চহকী কৰা হ'ব। সাধাৰণ সস্তীয়া প্ৰেম কাহিনী লিখাতকৈ এখন বিশ্ব-বিশ্ৰুত কিতাপ অনুবাদ কৰাটো আমাৰ বোধেৰে বেছি শ্ৰেয়ঃ হ'ব। তাৰোপৰি যদি শিক্ষিত লোকে আমাৰ অসমীয়াৰ ভাল বস্তুবোৰ ইংৰাজীলৈ অনুবাদ কৰি বাহিৰত প্ৰকাশ কৰে, তেনেহ'লেও বৰ ভাল হয়। বাহিৰত আমাৰ সাহিত্যৰ প্ৰচাৰ