পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৩
সম্পাদকীয়

কলেজৰ শিক্ষা ব্যৱস্থা:

 আমাৰ কলেজে আজি কেইবছৰমান ধৰি পঢ়া-শুনা, খেলা-ধূলা ক'তো বিশেষ পাৰদৰ্শিতা দেখুৱাব পৰা নাই। ফুটবল, ক্ৰিকেট, স্পৰ্টচ, সঙ্গীত, সাহিত্য, এন্‌, চি, চি, তৰ্ক প্ৰতিযোগিতা আদি সকলোতেই যাতে আমাৰ ছাত্ৰসকলে কলেজৰ বাহিৰতো নাম কৰিব পাৰে—তাকে আমি কামনা কৰোঁ। ইয়াৰ কিছুমান বিষয়ত আৰু বেছি অনুশীলন আৰু চিৰিয়াচনেচৰ প্ৰয়োজন। কলেজৰ ছাত্ৰ ইউনিয়ন বিভাগীয় সম্পাদকসকলে আৰু সেই বিভাগসমূহৰ ভাৰপ্ৰাপ্ত অধ্যাপক সকলে যদি আৰু বেছি মনোযোগ আৰু সহযোগ দিয়ে আমাৰ বিশ্বাস অদূৰ ভৱিষ্যতত জগন্নাথ বৰুৱা কলেজৰ ছাত্ৰই গুৱাহাটী বিশ্ববিদ্যালয়ৰ হৈ সকলো বিষয়তে আন্তঃ বিশ্ববিদ্যালয় প্ৰতিযোগিতা বিলাকত প্ৰতিনিধিত্ব কৰিবলৈ সমৰ্থ হ'ৰ।

 পঢ়া-শুনা বিষয়তো কলেজৰ ছাত্ৰই ইণ্টাৰমিডিয়েট, আৰু ডিগ্ৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ শতকৰা হাৰ লাহে লাহে কমি আহিছে। বিশ্ববিদ্যালয়ৰ পাছ ক’ৰা ছাত্ৰৰ শতকৰা হাৰতকৈও ই কেতিয়াবা কমহে হয়। ই বৰ দুখ লগা কথা। আমি ভৱাত আমাৰ কলেজৰ শিক্ষা ব্যৱস্থাত কিছু বেঁমেজালি আৰু আসোঁৱাহ আছে। কলেজ কৰ্তৃপক্ষই যেন এই আসোঁৱাহবোৰ গুচোৱাত যত্নপৰ হয়।

 আমাৰ কলেজে কলা বিভাগত অতীজৰে পৰা সুনাম অৰ্জন কৰি আহিছে। কলেজত বুৰঞ্জী বিভাগৰ ‘অনাৰ্চ' শ্ৰেণী খোলাৰ আমি প্ৰয়োজনীয়তা দেখিছোঁ আৰু সি হৈ নুঠিলে বহুতো ছাত্ৰৰ মনৰ মতন বিষয়ত ‘অনাৰ্চ’ লোৱাৰ পৰা বঞ্চিত হ'ব লগা হয়। তাৰোপৰি ‘এডুকেচন্’ বিষয়টো কলেজত প্ৰৱৰ্ত্তন কৰাৰ আমি পক্ষপাতী। আৰু এই বিষয়তে ‘অনাৰ্চ’ শ্ৰেণী খোলাৰ যো-জা কৰিব লাগে।

বিজ্ঞান বিভাগত আই, এছ, চি ছাত্ৰসকলৰ কাৰণে বটানি বিভাগটো প্ৰৱৰ্ত্তন কৰিব লাগে। আৰু বি, এচ্‌, চি তো এটা নন্‌মেথেমেটিকেল গ্ৰুপ'ৰ আৱশ্যক। বিজ্ঞান শাখাৰো ৰসায়ন আদি বিভাগত ‘অনাৰ্চ’ শ্ৰেণী খুলিব লাগে। কলেজৰ পদাৰ্থবিদ্যাৰ লেবৰটৰিটো কিছু ডাঙৰ কৰা উচিত। টিউটৰিয়েল ক্লাছ, সঘনে হোৱাটো আমি কামনা কৰোঁ। কলেজত টিউটৰিয়ে ক্লাছ, কম হোৱাটো দুখৰ কথা। অনতিপলমে কলেজ কৰ্তৃপক্ষই এই বিষয়ে এটা সুবিচাৰ কৰিব বুলি আশা কৰিলোঁ৷

 শিক্ষামূলক ভ্ৰমণ আজিৰ শিক্ষা ব্যৱস্থাৰ এটা অপৰিহাৰ্য অঙ্গ। আমাৰ কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে এই বিষয়ত অকণো সুবিধা নাপায়—এই কলেজৰ পৰাই শ শ ছাত্ৰই পাছ কৰি যায় তথাপি অসমৰ বাহিৰ ওলোৱাৰ আৰু সৌভাগ্য নঘটে। অৰ্থনীতি, বুৰঞ্জী আৰু বিজ্ঞানশাখাৰ ছাত্ৰসকলে ইয়াৰ অভাৱত বহুতো পছ পৰি থকা দেখা গৈছে। এই ভ্ৰমণ বিলাকৰ আৱশ্যকতাৰ বিষয়ে বেছি কোৱাটো আমাৰ মূৰ্খামিহে হ’ব। কলেজ কৰ্তৃপক্ষই নিশ্চয় ছাত্ৰ-ছাত্ৰী সকলৰ এই চাহিদা পূৰণ কৰিবলৈ চেষ্টা চলাব বুলি আশা কৰিলোঁ৷