পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩২
জগন্নাথ বৰুৱা কলেজ আলোচনী

 আমাক বৰ্ত্তমান এটা ডাঙৰ ইউনিয়ন আফিচ, লাগে। এতিয়া যি অফিচ আছে সি অতি সৰু। ইউনিয়নৰ সভ্য সকল বহিবলৈকে তাত অসুবিধা হয়। ইউনিয়ন হলৰ কথা আমি নকওঁৱেই—এই অফিচটোৰ কথাকে কৰ্তৃপক্ষই ভাবি চাব বুলি আশা কৰিলোঁ।

 বৰ্ত্তমান নিউ হোষ্টেলৰ ওচৰত আকৌ এটা ছাত্ৰবাস সজাত আমি সন্তোষ পাইছোঁ। আমাৰ কলেজত বহুতো দূৰৰ ঠাইৰ ল'ৰা পঢ়েহি। তেওঁলোকে বহু সময়ত ছাত্ৰসত স্থান নাপায় উভতি যাব লগা হৈছিল—এই নতুন-ব্যৱস্থাত সি কিছু দূৰ হ’ব। বৰ্ত্তমান পানী যোগান, উৎকৃষ্ট খাদ্য আৰু সুচিকিৎসাৰ অভাৱ হোষ্টেলবাসী সকলে বেছি অনুভৱ কৰিছে। বহুতো সময়ত আমাৰ বহুতো ছাত্ৰ, ছাত্ৰবাসত থাকি মাৰাত্মক বেমাৰৰ সন্মুখীন হ'ব লগা হৈছে। কলেজ কৰ্তৃপক্ষই এই কথাৰোৰ চিন্তা কৰি চাই ইয়াৰ এটা সুমীমাংসা কৰিব বুলি আশা কৰিলোঁ। তাৰোপৰি ছাত্ৰবাস বিলাকত ছাত্ৰই শিক্ষা লাভৰ যি পৰিবেশৰ আৱশ্যকতাক পাইছে নে নাই তাকে চাব বুলি আশা কৰিলোঁ। ছাত্ৰবাস বিলাকত একোখনকৈ টেবুল টেনিছ বৰ্ড আৰু একোটাকৈ ৰেডিয়’ দিয়াটো আমি উচিত বুলি ভাৱোঁ৷ খেল-ধেমালিৰ কাৰণে ছাত্ৰসকলক যথেষ্ট উপকৰণ দিয়া উচিত৷

 ইমান দিনৰ মূৰত—তথাপি ‘চাইকেল ষ্টেন্দখন হৈ উঠাত আমি সন্তোষ পাইছোঁ। কলেজৰ বয়স প্ৰায় আঠাইছ বছৰেই হ'বৰ হ’ল হি তথাপি আজিলৈকে কলেজখনে মোট সলাবলৈ নিশিকিলে —সেই যেনেকৈ সাজি দিছিল, তেনেকৈয়ে আছে। কলেজব আমূল পৰিবৰ্ত্তন নঘটিলেও অন্ততঃ তাৰ ভিতৰ ফালৰ কিছু পৰিবৰ্ত্তন ঘটিব বুলি আশা কৰিলোঁ।

 এই সোতৰ শ ছাত্ৰছাত্ৰীৰে পৰিপূৰ্ণ কলেজখনত এটা ’অদিটিৰিয়াম’ৰ আৱশ্যকতা আমি বহুত দিনৰ পৰা অনুভৱ কৰি আহিছোঁ। ই হৈ উঠিলে আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ এটা ডাঙৰ সমস্যাৰ সমাধান হ'ব।

 কলেজত বৰ্ত্তমান বয়জ কমনৰুম আৰু গাৰ্লচ কমন ৰুম বুলি যি দুটা ঘৰ আছে সেই দুটি সলনি দুটা আহল-বহল নতুন ঘৰ আমাক লাগে। বয়জ কমন ৰুমত তিনিখন টেবুল টেনিচ্ বৰ্ড দিয়াৰ ব্যৱস্থা কৰিলে ভাল হয়।

 আমাৰ কলেজৰ যি ৰিদিং ৰুম—সি অতি সৰু। ইমানবোৰ ছাত্ৰ-ছাত্ৰীয়ে বহি তাত পঢ়াটো সম্ভৱ নহয়। ৰিদিংৰুমৰ কাৰণে এটা ডাঙৰ কোঠা দিব বুলি আমি কলেজ কৰ্ত্তৃপক্ষক টানি অনুৰোধ জনালোঁ। লগতে আমাৰ কলেজ লাইব্ৰেৰীটোও অলপ উন্নত কৰিলে ভাল হয়। কিয়নো বৰ্ত্তমান কলেজৰ পঢ়ুৱৈ সমাজ বেছ ডাঙৰ।

 পৰি থকা ‘টেনিচ কৰ্ট' খনত টেনিচ খেলৰ প্ৰৱৰ্ত্তন কৰিলে আমি ভাল পাম। ক্ৰীড়ানুৰাগী ছাত্ৰ সকলকো অনুৰোধ কৰিলোঁ তেওঁলোকে যেন ইয়াক ব্যৱহাৰ কৰিবলৈ চেষ্টা চলায়।