পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩১
সম্পাদকীয়

আমাৰ মান ক্ষুণ্ণ হ’ব তেনে নহয়—নিজৰ দেশী ভাষা জনাৰ উপৰিও এই ভাষা জনাত আমি পৃথিৱীৰ আন আন দেশৰ লোকসকলতকৈ শ্ৰেষ্ঠ হৈ থাকিম।

 আমাৰ বিশ্ববিদ্যালয় বিলাকত হিন্দী ভাষা প্ৰবৰ্ত্তন কৰাৰ আমি ঘোৰ বিৰুদ্ধী। আৰু যদি তেনে পন্থাক কাৰ্য্যকৰী কৰা হয়—আমাৰ ছাত্ৰ সমাজৰ অতি অনিষ্ট সাধন কৰা হ'ব। হিন্দী আমাৰ দুই এটা প্ৰাদেশিক ভাষাতকৈও দুখীয়া। সেই ভাষাত শিক্ষা ল'লে আমাৰ ছাত্ৰসকলৰ জ্ঞানৰ পৰিসৰ কিমান বহল হ’ব—ক’ব নোৱাৰি। তাৰোপৰি বিশ্ববিদ্যালয়ৰ দেওনা পাৰ হৈ গ'লেও এই ছাত্ৰ সকলৰ অজ্ঞতা দেখি বাহিৰৰ ছাত্ৰ সকলৰ হাঁহিয়তাৰ পত্ৰ হ'ব। ইংৰাজী ভাষাত আমি এতিয়া যিমান জ্ঞান অৰ্জ্জন কৰিছোঁ, যিমান কথা শিকিছোঁ, যিমান দূৰ শিক্ষা পাইছোঁ, হিন্দী ভাষা ল'লে সেই সকলোবোৰ নাইকিয়া হ'ব। হিন্দী যেনেকৈ আমাৰ কাৰণে বিদেশী; ইংৰাজীও তেনেকৈ আমাৰ কাৰণে বিদেশী। নিজৰ মাতৃভাষা শিকাৰ ওপৰিও এটা বিদেশী ভাষা শিকাত আমাৰ আপত্তি কিয়, তেনেহ'লে?

 এই প্ৰসঙ্গত আৰু অলপ কোৱাৰ আৱশ্যকতা অনুভৱ কৰিলোঁ। আমাৰ প্ৰাদেশিক ভাষাবিলাক দুৰ্ব্বলহৈ যোৱাটো কোনেও বাঞ্ছা নকৰে। অসমত অসমীয়া ৰাজ্যিক ভাষা হ'ব লাগে। ই আমাৰ ছাত্ৰ সমাজৰ দাবী। পশ্চিমবঙ্গত বঙালী যেনেকৈ ৰাজ্যিক ভাষা হ'ব পাৰে তেনেকৈ অসমত কিয় হ'ব নোৱাৰে? অসমত অসমীয়া ভাষাই প্ৰধান। তেনেস্থলত ইয়াক ৰাজ্যিক ভাষা কৰাত ইমান পলম হৈছে কিয়?

 আমাৰ আন এটা দাৱী হৈছে নেফা অঞ্চলত অসমীয়া ভাষা প্ৰৱৰ্ত্তন কৰিব লাগে। ইংৰাজী যেনেকৈ জনজাতিলোক সকলৰ কাৰণে বিদেশী সেইদৰে হিন্দী ভাষাও। আমি জনাত অলপতে অসমীয়াৰ পৰিবৰ্ত্তে হিন্দী প্ৰৱৰ্ত্তণ কৰাত তাৰ শিক্ষানুষ্ঠান বিলাকত বেমেজালিয়ে দেখা দিছিল। এই সমস্যাবিলাকৰ সমাধান কৰিবলৈ-মনস্তাত্বিক দৃষ্টি ভঙ্গীৰ প্ৰয়োজন। অসমৰ নলে-গলে লগা আৰু বুৰঞ্জীয়ে ঢুকি পোৱা কালৰে পৰা অসমৰ অবিচ্ছেদ্য অঙ্গ, এই উত্তৰ-পূব সীমান্ত অঞ্চলত অসমীয়া ভাষা প্ৰৱৰ্ত্তন কৰিব লাগে —তাক আমি জোৰ দি কওঁ।

আমাৰ কলেজৰ কথা:

 অসমৰ সৰ্ব্বপ্ৰধান আৰু সৰ্ব্ব বৃহৎ বেচৰকাৰী শিক্ষানুষ্ঠান এই জগন্নাথ বৰুৱা কলেজখন— বহুতো ছাত্ৰ-ছাত্ৰীৰ আশা ভৰসাৰ থল। এই কলেজখনত বৰ্ত্তমান প্ৰায় সোতৰ শ ছাত্ৰ-ছাত্ৰী আছে। এই কলেজখন অনতি পলমে চৰকাৰী কৰি দিয়া আমি বাঞ্ছা কৰে। চৰকাৰৰ ফালৰ পৰা কেইবা বাৰো আশ্বাস আহিছে কিন্তু এতিয়ালৈকে চৰকাৰী কৰাৰ কোনো আশাই দেখা নাই। এই ছাত্ৰ-ছাত্ৰী সকলৰ নানা সমস্যা, নানা অসুবিধা, আসোঁৱাহ আদিৰ ফালৰ পৰাও চাই ইয়াক শীঘ্ৰে চৰকাৰী কৰাৰ যুক্তিযুক্ততা আমাৰ মনত জাগে। কটন কলেজৰ বাহিৰেও আৰু এখন চৰকাৰী কলেজৰ আজি প্ৰয়োজন হৈ পৰিছে।