পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১১২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩০
জগন্নাথ বৰুৱা কলেজ আলোচনী


গুৱাহাটী বিশ্ববিদ্যালয়।

 চাই থাকোতেই গুৱাহাটী বিশ্ববিদ্যালয়ে দহ বছৰ অতিক্ৰম কৰিলে তথাপি এতিয়াও গুৱাহাটী বিশ্ববিদ্যালয় অতি মন্থৰ গতিত আৰু আসোঁৱাহপূৰ্ণভাৱে চলি আছে। বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা স্নাতকোত্তৰ বা নিম্ন স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰসকলে ভৰ্ত্তি হ’ব পাৰিলেও ছাত্ৰবাসত ঠাই নাপায়। ইয়াৰ ফলত গুৱাহাটীৰ বাহিৰৰ পৰা অহা ছাত্ৰ সকল বিপাঙত পৰে। আমাৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল পলমকৈ ঘোষণা কৰাৰ ফলত অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ত পঢ়াৰ পৰা অসমৰ বহুত ছাত্ৰ বঞ্চিত হ'ব লগা হয়। আন বিশ্ববিদ্যালয় বিলাকত পৰীক্ষা আগতে হয় আৰু ফলাফলো আগতে ওলায়। তদুপৰি মাৰ্কচিট, মাইগ্ৰেচন চাৰ্টিফিকেট আদি উলিয়াবৰ কাৰণে কমেও পোন্ধৰ দিন ৰ'ৱ লগা হয়। এই বিলাকৰ ফলত বাহিৰত পঢ়াটো আৰু হৈ নুঠেগৈ। আমাৰ যি এখন চৰকাৰী কলেজ [ কটন কলেজ ] আছে তাতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সীমাবদ্ধ কৰি ৰখা হৈছে অতিৰিক্ত ছাত্ৰ-ছাত্ৰী লোৱাৰ কোনো ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। বাহিৰৰ কিছুমান বিশ্ববিদ্যালয়ে পৰীক্ষাৰ ফিজৰ লগতে এটা অতিৰিক্ত ফিজ ৰাখে আৰু পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে প্ৰত্যেকৰ ঠিকনামতে মাৰ্কচিট পঠাই দিয়ে। ব্যৱস্থাটো বেয়া নহয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ তলত এখন মডাৰেশ্যন বোৰ্ড নথকাত কেতিয়াবা পৰীক্ষাৰ প্ৰশ্ন কাকত টান হয় আৰু ফলত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা গৃহ ত্যাগ কৰে। পিছত বিশ্ববিদ্যালয়ে পুনঃ পৰীক্ষা ল'ব লগা হয় ছাত্ৰ সকলৰো অসুবিধা হয়। এই কথা বৰ ঠিক নহয়। এনে সমস্যা যাতে উদ্ভব হয় তালৈহে চকু দিয়া উচিত। কেতিয়াবা কেতিয়াবা পৰীক্ষাৰ প্ৰশ্ন কাকত ওলাইছে বুলি আমি উৰা বাতৰি শুনো এই কথাবোৰ সত্য নে অসত্য আমি নেজানো—এই বিলাকক আমি গৰিহনা দিওঁ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এনে উৰা বাতৰি যাতে প্ৰচাৰ নহয় তালৈ যেন চকু দিয়ে। ছাত্ৰ-ছাত্ৰীৰ থকা-মেলা, খেল-ধেমালি, পাঠাগাৰৰ অসুবিধা আৰু অন্যান্য আহুকালবোৰ যাতে আঁতৰাব পৰা যায়, সেই বিষয়ে যেন বিশ্ববিদ্যালয়ে এটা কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰে।

ভাষা সমস্যা:

 ভাষা সমস্যাই বৰ্ত্তমান গুৰুতৰ আকাৰ ধাৰণ কৰি আমাৰ আগত দেখা দিছেহি। আমাৰ সংবিধানৰ মতে আৰু পোন্ধৰ বছৰৰ পিছত ইংৰাজীৰ স্থান হিন্দীয়ে ল'ব। এই ব্যৱস্থা আমাৰ মনোমত নহয়। আমাৰ মতে হিন্দী ভাৰতৰ নেচনেল লেংগুৱেজ হ’ব লাগে কিন্তু অফিচিয়েল লেংগুৱেজ হ'ব নোৱাৰে। ভাৰতবৰ্ষত বহুতো ভাষা-ভাষীৰ লোক আছে— এটা গণতান্ত্ৰিক দৃষ্টিৰে চালে আমি ভবাত ইংৰাজীক অফিচিয়েল লেংগুৱেজ কৰি ৰখাই ভাল হ'ব। সকলো জাতীয়কৰণ কৰিব লাগে কাৰণেই যে ভাষাকো জাতীয়কৰণ কৰিব লাগে তাৰ কোনো মানে নাই। ইংৰাজী বৰ্ত্তমান কোনো এটা জাতিৰ বা এখন দেশৰ একচেতীয়া সম্পদ হৈ থকা নাই, সি কেতিয়াবাই সেই ঠেক গণ্ডী অতিক্ৰম কৰি আন্তৰ্জাতিক ভাষাৰ স্থান লৈছে। গতিকে ইংৰাজী ভাষা ল’লে যে