পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( সম্পাদকীয় )

আমাৰ কথা

বিশ্ববিদ্যালয়ৰ ডিগ্ৰী আৰু তাৰ মূল্যাঙ্কণ:

 অলপতে ডাঃ ৰামস্বামী মুডালিয়াৰৰ নেতৃত্বত গঠিত দহজনীয়া সদস্যৰ কমিটিটোৱে কয় যে চৰকাৰী সেৱাৰ আৱশ্যকতা হিছাবে বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ যথাযোগ্য স্থান থকা উচিত। নিম্ন আৰু মধ্য পৰ্যায়ৰ অৰ্থাৎ কেৰাণী আৰু প্ৰথম শ্ৰেণীৰ কাৰ্য্যতালিকাত বাহিৰে আন্য লোক সেৱাসমূহত ডিগ্ৰীৰ অৰ্হতা উঠাই দিব লাগে। তাৰোপৰি ডাঃ সুশীলা নায়াৰ, সৰ্বশ্ৰী হুমায়ুন কবিৰ আৰু এ, কে সিদ্ধান্ত আদিৰ মতে “চৰকাৰৰ অধীনৰ অ-কাৰিকৰী চাকৰিত প্ৰৱেশৰ অৰ্থে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী সৰ্ব্বপ্ৰথম অৰ্হতা হোৱাত জোৰ দিয়াৰ যথেষ্ট যুক্তিযুক্ততা নাই। কমিটিয়ে চৰকাৰী সেৱাসমূহ তিনিটা পৰ্য্যায়ত বিভাগ কৰিছে—ছিনিয়ৰ বিষয়া, জুনিয়ৰ বিষয়া আৰু কেৰাণী সেৱা। ছিনিয়ৰ বিভাগত কেৱল ২১ৰ পৰা ২৩ বছৰৰ গ্ৰেজুৱেটক লোৱা হ'ব। দ্বিতীয় শ্ৰেণীৰ চাকৰীৰ কাৰণে বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ নিম্নতম আৱশ্যকীয় যোগ্যতা বুলি ধৰা নহ'ব। এই শ্ৰেণীৰ কামৰ কাৰণে লোৱা পৰীক্ষা ডিগ্ৰী নথকা বিলাকৰ লগতে ডিগ্ৰী থকা বিলাকেও দিব পাৰিব। এই পৰ্য্যায়ৰ চাকৰী প্ৰাৰ্থীৰ বয়স ১৭ৰ পৰা ২১ বছৰ হ'ব লাগিব। তৃতীয় শ্ৰেণীৰ চাকৰীৰ কাৰণে বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ আৱশ্যকতা নাই।

 এতিয়া যি ৰীতি চলি আছে সি হ'ল চৰকাৰী চাকৰীত, ডিগ্ৰীৰ আৱশ্যকতা। এই ৰীতিৰ ফলত বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ মূল্য বহুত কমি গৈছে। সাধাৰণ লৱাৰ ডিভিজন ক্লাৰিকেল ছাৰ্ভিছৰ কাৰণেই শ শ গ্ৰেজুৱেটে আৱেদন জনায়। তাৰোপৰি আজিৰ শিক্ষা ব্যৱস্থাক একেষাৰে ‘কেৰাণী উৎপাদনকাৰী শিল্প’ বুলি ক'ৱ পাৰি। এই বিলাকৰ ফলত আমি দেখিছোঁ আজিৰ ছাত্ৰ সকলৰ কলেজ বা বিশ্ববিদ্যালয়ত পঢ়াটো এটা বেমাৰ হৈ পৰিছে। এই কাৰণে কলেজত ছাত্ৰৰ ভিৰ অসম্ভৱ ৰূপে বাঢ়িছে। কলেজতে ভাল শিক্ষা দিয়াৰ সা-সুবিধা নথকাত শিক্ষাৰ মানো হ্ৰাস হৈছে৷ আমি ভৱাত, দায়িত্বশীল উচ্চ পদৰ কাৰণে যি গুণাৱলীৰ আৱশ্যকতা সি অকল ডিগ্ৰীধাৰীৰ আছে, এনে নহয়, অনেক আণ্ডাৰ গ্ৰেজুৱেটৰো সেইখিনি থাকিব পাৰে আৰু আছেও। আমেৰিকা আৰু বৃটেনত চাকৰী নিয়োগৰ বাছনি পৰীক্ষাত দেখুৱা যোগ্যতাক ডিগ্ৰীতকৈ অধিক মূল্য দিয়া হয়। আমি ভৱাত মুডালিয়াৰ কমিটি ৰিপোট চৰকাৰে গ্ৰহণ কৰিলে—কলেজ বিলাকত ছাত্ৰৰ কিছু ভিৰ, কমি, প্ৰকৃত যোগ্যতা অৰ্জনৰ কাৰণে ছাত্ৰসকলৰ চেষ্টা আৰু আগ্ৰহ হ'ব। আৰু চাকৰী নিয়োগৰ

এই পদ্ধতি প্ৰকৃত গণতান্ত্ৰিক হ'ব।

১৭