পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 
 আমাৰ দুৰ্দ্দিনলৈ চাই আৰু আমাৰ অক্ষমতা দেখি শত্ৰুৱে আমাক হাঁহিব পাৰে। অসমৰ ভাগ্য পৰিৱৰ্ত্তন অনিবাৰ্য্য। আজি অসমীয়াই মুক্তিৰ বাট বিচাৰি পাইছে, অসম যে অসমীয়াৰ কাৰণে এই সত্য উপলদ্ধি কৰিছে। অসমা অসম জননীৰ সেৱামন্ত্ৰত দীক্ষা গ্ৰহণ কৰি তেওঁৰ উদ্ধাৰ কাৰণে এদল অসমীয়া ওলাইছে, তাক নজনা লোক আজি নাই। অসমীয়াৰ ৰাজনীতি, অৰ্থনীতি, সমাজ সংস্কাৰ সকলো মঙ্গল কাৰ্য্য সেই সত্যকেই আশ্ৰয় কৰি আছে, সেই সত্যকেই ভিত্তি কৰি চলাবৰ প্ৰাণপণ চেষ্টা চলছে। সেই দল অসমীয়াই ভালদৰে বুজিছে যে, এই সত্য প্ৰৱৰ্ত্তাব নোৱাৰিলে ভাৰত যে ভাৰতবাসীৰ এই সত্য প্ৰমাণিত নহব। নিজ মাতৃক অৱহেলা কৰি দেশমাতৃকাৰ সেৱাৰ চেষ্টা ভণ্ডামী মাথোন।

 মৰিবই যদি লাগিব নিশ্চেষ্ট হৈ কাপুৰুষৰ দৰে মৰাতকৈ সন্মূখ যুদ্ধত প্ৰাণ দিয়াই ভাল। অসম অসমীয়াৰ, এই নীতি প্ৰৱৰ্ত্তনত যি সকলে প্ৰতিবন্ধক জন্মাৱৰ চেষ্টা কৰিব তেওঁবিলাকক পৰাস্ত কৰাই অসমৰ যুগধৰ্ম্ম বুলি মানি লব লাগিব। সেই অৰ্থে ধৰ্ম্মযুদ্ধ ঘোষণা কৰিব লাগিব। এই ধৰ্ম্মযুদ্ধত “তৰিলে দেশ, মৰিলে স্বৰ্গ” তৰুণ অসমৰ বীজমন্ত্ৰ। ইয়াকে দিব লাগিব আবাল-বৃদ্ধ-বণিতা অসমীয়াৰ কাণে কাণে। এই মন্ত্ৰকেই জপিব লাগিব অসমীয়াই সচিতে সপোনে। তেতিয়া ভগৱন্ত অসমীয়াৰ প্ৰতি তুষ্ট নহৈ নোৱাৰিব। অসম অসমীয়াৰ হৈ দেশবিদেশৰ সহানুভূতি পাব আৰু শ্ৰদ্ধাৰ পাত্ৰ হ’ব

—দেশভক্ত তৰুণৰাম ফুকন