পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(লঘু ৰচনা)

আবেলি

  শ্ৰীপ্ৰবীন গোস্বামী ( চতুৰ্থ বাৰ্ষিক : বিজ্ঞান)

 আপুনি বৰকৈ লগ ধৰিছে যেতিয়া নগলে জানো ভাল পাব? আবেলি ফুৰাতো ভাল বুলি ময়ো জানো৷ সৰুকালত স্বাস্থ্যবিধিত পঢ়া আটাইবিলাক কথা মনত নাথাকিলেও এইষাৰ মনত আছে যে পুৱা আবেলি ফুৰাতো স্বাস্থ্যৰ পক্ষে ভাল। আপোনাৰ দৰে বহুতেই মোক আবেলি অকণমানি ফুৰিবলৈ উপদেশ দিয়ে। তেখেত সকলৰ মতে গধূলিৰ সময়কণ হেনো বৰ সুখৰ। অস্তাগত সূৰ্য্যটোৰ ৰাঙলি আভাই অকল নিঃসঙ্গ আকাশকেই পোহৰাই নেপেলায়, মানুহৰ হিয়াতো বোলে এই পোহৰৰ চিকমিকনী উঠে। আবেলিৰ এই সময়কণৰ সৌন্দৰ্য্যতেই আপ্লুত হৈ কবিয়ে কবিতাৰ মালা গাঁঠে; ম'হৰ পিঠিত উঠি ঘৰলৈ উভতি অহা ৰংমনে পেপাটোত ফু দিবলৈ শৰীৰত বল পাই, দিনটোৰ কঠোৰ পৰিশ্ৰমৰ অন্তত হিয়াত দুঃখ আৰু তিক্ততাৰ স্তুপ কঢ়িয়াই অনা দাৱনীহঁতে হাঁহিৰ জেউৰ তুলিবলৈ মনত বল পায়। আবেলিৰ এই সৌন্দৰ্য্যতেই মুগ্ধ হৈ পাবতগজা গায়কে গুণ্ গুণাই গান গায়, ঠিক সেই গেলাগৰুৰ মাংসৰ চাৰিউফালে ভোনভানাই থকা বৰমাখিটোৰ দৰে। ( মাফ কৰিব দেই, মোৰ কঠোৰ গদ্যময় মনে ইয়াতকৈ ভাল উপমা বিচাৰি নাপালে ) আপুনি, আমাৰ বৰচাহাৰ আৰু বহুতেই কাষত অৰ্দ্ধাঙ্গিনীক লৈ ইভিনিং ৱাক্ কৰাৰ সময় উলিয়াই লয় এই মধুৰ আবেলিৰ সময়কণ উপভোগ কৰাৰ মানসেই। প্ৰত্যেকৰে কাৰণে আবেলিৰ একোটা বিশেষত্ব আছে। কিন্তু বগা কাগজত ক’লা ফুল বাছি আঙুলি ভোটা কৰা মোৰ নিচিনা মাখিমৰা কেৰেণীৰ কাৰণে আবেলিয়ে দিনটোৰ নিমিলা বাজেট বিলাকৰ বাহিৰে, আন কিবা কঢ়িৱাই আনে যদিও মই হলে তাৰ ভু নাপাওঁ। গধূলিৰ আকাশৰ গোল্ডেন ভিষ্টাচ, বিলাকে মোৰ মনটোক নাগিনা তেলীয়াৰ বাকীৰ খাটাখন লৈহে বাট দেখুৱাই দিয়ে। কেতিয়াবা কেতিয়াবা আপোনালোকক দেখি তৃপ্তিৰ আকলুৱা মোৰ মনটোৱেও মৰিচীকা বিচাৰি যাব খোজে। তেতিয়া গৃহিনীৰ সৈতে একেলগে মধুৰ আবেলি উপভোগ কৰাৰ ইচ্ছা মোৰো হয়। কিন্তু সেয়ে জানিবা ক্ষন্তেকৰ কাৰণে। যেতিয়াই কেঁচা খৰি ফুৱাই নাকৰ পানীয়ে চকুৰ পানীয়ে একাকাৰ হোৱা আমাৰ গৃহিনীৰ ৰণংদেহি মূৰ্ত্তি মোৰ মানস চক্ষুৰ আগত ভাঁহি উঠে, তেতিয়াই মনৰ সৌন্দৰ্য্যস্পৃহা ফুৰফুৰকৈ উৰি নাইকিয়া হয়।