মোৰ কথা বাৰু বাদেই দিছে। আপুনি ভাবিচাওকছোন আপোনালোকে উপভোগ কৰা আবেলিটো আৰু আমাৰ মণিৰাম জেতুকাইতে উপভোগ কৰা আবেলিটোৰ কথা। দুয়োটাৰে মাজত কিমান তফাৎ! আপুনি বুজিবলৈ টান পাইছে নহয়নে?—এৰা, আপোনালোকে নুবুজে। কাৰণ আপোনালোক ফেনাটিক্। জীৱনৰ সম্ভোগৰ ফালটোহে আপোনালোকে দেখা পাইছে; আনটো কাল চাবলৈ চেষ্টা কৰা নাই। আজিৰ এই ভৰশাওনৰ আবেলিটোৰ কথাই ভাবিচাওক। দিনৰ ১২ বজাৰ পৰা অফিচত বিজুলী বিচনীৰ তলত ফাইল চহী কৰিয়েই কটাব৷ তাৰ পিচত এতিয়া ওলাই আহিছে দিনটোৰ উৎকট গৰমত অতিষ্ঠ হৈ আবেলিৰ শীতল বায়ু সেবন কৰি শৰীৰ শাঁত পেলাবলৈ। হয়তো আজি অসুবিধা নোহোৱা হলে মোৰ ঠাইত আপোনাৰ নব পৰিণীতাই শাৰি পুৰালেহিহেঁতেন। কাৰণ আপোনালোকে আজীবন সম্ভোগৰ ৰিচাৰ্ছ কৰিয়েই কটাবলৈ মনষ্ঠ কৰিছে। আপোনালোকৰ জীৱনৰ ভাৰসাম্য ঠিক কৰি ৰাখে টকাই,—পৰিশ্ৰমে নহয়। কিন্তু আন হাতে চাওক, ভৰ দুপৰৰ প্ৰখৰ সূৰ্য্যক আওকান কৰি মণিৰামে মাটি চহায়; জেতুকীয়ে মণিৰামে চহোৱা মাটিত সোণৰ সপোন ৰচে। সিহঁতে তেতিয়া অন্তৰ উজাৰি গায় অনাগত অঙ্কুৰৰ মৌন স্তুতিৰ বাণী। সিহঁতৰ দুচকুতো তন্দ্ৰা জাগে; সিহঁতেও সপোন দেখে;—চক্চকীয়া ৰূপৰ সপোন নহয়, আঘোণৰ সোণালী সপোন। সিহঁতৰ জীৱনৰ ভাৰসাম্য ঠিক কৰে সেউজীয়া ধাননিৰ গৰ্ভস্থিত ভ্ৰুণৰ ইঙ্গিতে। আবেলি ফুৰি আহি আপুনি হয়তো চোফাত গা এৰি দিব। আপোনাৰ প্ৰিয়তমা কাষ চাপি আহিব। মলৌৱে চৰৱৎ যোগাব আৰু আপোনালোক দুয়োৱে লতা মঙ্গেশকাৰৰ গীতৰ সুৰত নিজকে বিলাই দিব। সেই সময়তে হয়তো কান্ধত হোলোঙা দাল লৈ মণিৰামো পথাৰৰ পৰা আহিব। শৰীৰত পঙ্কিল পৃথিৱীৰ প্ৰেমৰ চাবলৈ জেতুকীও পিছে পিছে আহিব। সেই সময়তে কোনোবা বিহুৰলীয়া ডেকাই গাব,—
বিহুতী চৰায়ে কৰে বিহু বিহু
আমাৰ বিহু কাপোৰ নাই,
লগৰ সমনীয়াই সোধে বেঢ়ি বেঢ়ি
চেনাই মোৰ কাষতে নাই।
—অনাগত বিপদৰ আশঙ্কাত জেতুকীও হয়তো মণিৰামৰ কাষ চাপি আহিব। মণিৰামে মিচিকি হাহিব,—বুজিপোৱাৰ হাঁহি।
কোনো কোনো সুবিধাবাদী লোকৰ কাৰণে আবেলিৰ সময়কণ বহুযুগৰ সঞ্চিত ধনৰ নিছিনা। বেছি দূৰলৈ যাব নালাগে, আপোনাৰ ঘৰৰ কাষৰে হাজৰিকাৰ ঘৰলৈ চকু ফুৰাওক। হাজৰিকাৰ একমাত্ৰ চিন্তা হৈছে নিজৰ আলসুৱা জীয়েক মিনতিক কেনেকৈ এজন সুপাত্ৰৰ হাতত অৰ্পণ কৰিব পাৰি। আজি কালি ছোৱালীৰ বজাৰ বৰ মন্দা। অকল ৰূপ থাকিলেই নহয়, ভাল পাত্ৰ পাবলৈ হলে ছোৱালীৰ গাত গান বাজনা জনাকে আদি কৰি কেইবাটাও এক্সটাৰ্নেল কোৱালিফিকেশ্যন থাকিব লাগিব। সেই কাৰণেই আবেলিৰ