পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১০৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৪
জগন্নাথ বৰুৱা কলেজ আলোচনী

 “ওহো, অসম্ভৱ। এন্ধাৰ ৰাতি টুলুঙা নাওখনত তুমি অকলে শুব নোৱৰা। তুমি বৰং বিছনাতে শোৱা। ময়ে নাৱত শুম।”

 “নাই, নাই তুমি নাৱত শুব নালাগে। এই খন দেশ মোৰ নিচেই আপোন। নাওখনো নিজা, কিহৰ ভয় হে।”

 “তুমি কিয় ইমান আপত্তি কৰিছা? তুমি নাৱত শুলে মই বিছনাত কেতিয়াও শুব নোৱাৰো, কেতিয়াও।” ডেকাই দৃঢ়ভাবে কথা বান্ধি বহিল।

 দুয়োৰো উখনা উখনিত বহুত সময় কাটি গৈছিল।

 “বাৰু, এটা কাম কৰা হক,” তাই শেহত কলে, “দুয়ো বিছনাতে শোওঁ হক। এটা ৰাতিহে, দিয়া, যেনেতেনে চলি যাব।”

 তাইৰ মন্তব্যত যুবক চমকি উঠিছিল। এৰা, তেনে হোৱাই শ্ৰেয়, তেওঁ ভাবিলে। “বাৰু শোৱা হক” তেওঁ ফুটাই ক'লে।

 তাই নাওখন পাৰত লগাই ডেকা ল'ৰাটিৰ কাষত বাগৰ দিছিল।

 এজনী অচিনা নাৰীৰ জীয়া উমৰ পৰশত ডেকাটিয়ে কাহানিও নোপোৱা এক স্বৰ্গীয় সুখানুভূতিৰ তীব্ৰতা গোটেই গাতে অনুভৱ কৰিছিল। পুৰ্ণযৌবনা তিৰীৰ কাষত তেওঁ নিজকে এটা শিশুৰ দৰে উপলব্ধি কৰিছিল। তেওঁ যেন তাইৰ বুকুৰ কুহুমীয়া উমকণত জীৱনৰ লৰালিখিনি নিঃশেষ কৈ বাকী দিব,—তেনে লাগিছিল। তাইৰ লিহিৰি আঙ্গুলীৰ যাদুমণ্ডিত বুলনত যুবক গভীৰ নিদ্ৰাত পৰিছিল।

 “হেৰা উঠা, উঠা।” এক লহমাৰ অন্তত ভাই তন্দ্ৰাতুৰ যাত্ৰীক চিঞৰি জগাইছিল।

 “কি হ’ল?’’

 আমাৰ ঘৰটো লৰিছে। ই হয়তো ডাৱৰত আছিল। ডাৱৰ গলিছে। সি ভাহি যাব খুজিছে। তুমি উঠা, মই নাও ধৰো”—বুলি ডেকাক সতৰ্ক কৰি তাই বাহিৰ ওলাইছিল। ঘৰটো মিৰমিৰ কৈ বহি গৈছিল। তেওঁ ব্যগ্ৰ হৈ বাহিৰ ওলাই মাত দিলে; “অচিনা হেৰা অচিনা?’’

 কাৰো মাত নাই।

 তেওঁ কেবল ক্ষণিকৰ বাবে মেঘৰ মাজত যুবতীৰ অবিন্যস্ত কেশ পাশ খনিৰ পৰা সুলকি পৰা মুকুতা মণিটিৰ তিৰবিৰণি এপাহ হালধীয়া কৰবীৰ অম্লান জ্যোতি দেখা পালে।

 গোমোঠা ডাৱৰৰ মাজলৈ ঘৰটো বহি গৈছিল।

 তেওঁ নিৰুপায় হৈ ডাৱৰৰ বুকুত ওলমি পৰিছিল।

 ডাৱৰ উটিছিল।

 ডাৱৰ৷......