সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
জগন্নাথ বৰুৱা কলেজ আলোচনী

 * * * * *

 ইৰিনাক লগ পোৱাটো এতিয়া সহজ নহয়। তেওঁ নিশ্চয় আগৰ ফ্লেটত এতিয়া নাই। নতুন মানুহবিলাকে ইমানেই জানে যে ইৰিনাৰ ককায়েকে বিয়া কৰাই জিণ্ডলভস্কলৈ বদলি হৈ গ'ল আৰু ইৰিনাই পঢ়া শেষ কৰি চাকৰি কৰিছে। অৱশেষত তেওঁ ইৰিনাই কাম কৰা গাওঁখন উলিয়ালেগৈ। গধুলি হ'ল আৰু তেওঁ হোটেলত ৰাতিটোৰ কাৰণে থাকিলগৈ। ৰাতিপুৱা তেওঁ ইৰিনাৰ ওচৰ ওলালগৈ৷

 ঘৰত মাথোন ইৰিনা আহিল। তেওঁ খিৰিকিৰ কাষৰে এখন মেজত কিবাকিবি লিখি আছিল। চমভক সম্বৰ্ধনা জনাবৰ কাৰণে তেওঁ নুঠিল। কেলৱ ভয় আৰু বিস্ময়ত তেওঁ চাই থাকিল। তেওঁৰ চেহেৰাত এক অপৰিচিত আৰু নতুনত্বই দেখা দিছিল, কিন্তু চমভে তেওঁক আগৰদৰেই দেখিছিল। চমভ ইৰিনাৰ কাষ চাপি গ'ল।

 তৎক্ষণাই ইৰিনাৰ মন এক দুৰ্বোধ্যভাবে আবৰি ধৰিল। তেওঁৰ হাতৰ পেন্সিল কঁপিবলৈ ধৰিলে। তেওঁ পেন্সিলভাল জোৰেৰ মেজৰ ওপৰত থৈ বিচনাখনৰ কাষ চাপি নীৰৱ আৰু নম্ৰভাবে ক'লে, “ভলদায়া, বহুত পলম হল।” তেতিয়াহে চমতে লক্ষ্য কৰিলে যে এটি কেচুৱা বিচনাত শুই আছে।

 “তুমি আকৌ বিয়া কৰালা? মই নেজানো যে তোমাৰ এটি সন্তান জন্ম হ'ল,”—ভঙা ভঙা মাতেৰে চমভে ক'লে।

 “আপুনি নেজানে? জানিবলৈও ইচ্ছা নকৰে,”—ইৰিনাই খং আৰু শ্লেষভৰা চকুৰে চাই ক'লে! “ভলদায়া, তাই অৱশ্যে আপোনাৰ জী।” চমভৰ মন হঠাৎ উত্তেজনাই আৱৰি ধৰিল। তেওঁ কেচুৱাটিৰ ওচৰ চাপি গ'ল কিন্তু ইৰিনাই তেওঁক বাধা দি বিচনাখনৰ ৰেলিঙত ধৰি ক'লে, “তাই শুই আছে; নিস্তব্ধতাই শ্ৰেয়।’’

 “কিয় তেন্তে তুমি মোলৈ লিখা নাছিল,—মোক জনোৱা নাছিলা!” চমভে প্ৰায় অসংলগ্ন মাতেৰেই প্ৰশ্ন কৰিলে।

 “ই আপোনাক আসক্ত কৰিলহেতেন জানো?’’

 মই ভাবো কৰিলহেতেন... তুমি অন্ততঃ মোক জনাব লাগিছিল।”

 ভলদায়াৰ নাকটো ৰঙা পৰি উঠিল। ইৰিনাই এটা অস্পষ্ট হাঁহি মাৰিলে।

 বিবৰ্ণ চিত্তেৰে চমভে ক'ল,—“ইৰিনা, কিয় তুমি তেনে ব্যৱহাৰ কৰা? ভাল ভাবত কথাবাৰ্ত্তা নোহোৱা কিয়?”

 “কি বিষয়ত?” —ইৰিনাই মুখ বিকৃতাকাৰ কৰি সুধিলে। তেওঁ এই সময়ত চমভৰ আগত কব পাৰিলহেতেন কি আশা লৈনো তেওঁ মস্কোলৈ তেওঁক দেখা কৰিবলৈ গৈছিল। তেওঁ চমভৰ লগত মিলাপ্ৰীতিৰেই কথা পাতিবৰ কাৰণে গৈছিল, কিন্তু কিমান ত্যক্ততাৰে তেওঁ লৈ ঘূৰি আহি কান্দিছিলহি! তেওঁৰ ককায়েকে চমভৰ মনোভাব বুজিব পাৰি কি কি কথা কৈছিল! ইৰিনাই