প্ৰথমে গৰ্ভত থকা সন্তানটো নষ্ট কৰিবলৈ সিদ্ধান্ত কৰিছিল। তেওঁ আৰু কব পাৰিলহেতেন কেনেকৈ তেওঁৰ ককায়েকে তেওঁক নিৰাপদে ৰাখিছে। কিন্তু এই সকলোবিলাক কথাৰ অৰ্থ সেই সময়ত হেৰাই গ'ল। ইৰিনাৰ আনকি চমভৰ অনুচিত কৰ্ত্তব্যৰ কাৰণে কোনো কটুকথাও ক’বৰ ইচ্ছা নহ'ল। বৰ্ত্তমান তেওঁৰ এটি মাথোন চিন্তা হ'ল, কেনেকৈনো তেওঁ এই দুৰ্ব্বলমনৰ মানুহজনৰ পৰা অতি সোনকালে হাত সাৰিব পাৰে!
“আমাৰ কবলগীয়া আৰু একো নাই'—ইৰিনাই দৃঢ়প্ৰতিজ্ঞ হৈ ক'লে।
“ইৰা! চোৱাঁ, মই ঘূৰি আহিছো।”
“কিন্তু কিয়?”
“ইয়ুৰাক চাবৰ মোৰ খুবেই হেপাহ হৈছে।”
“ইয়ুৰাই বাহিৰত খেলি আছে। যদি ইচ্ছা হয় চাব পাৰে, কিন্তু মই তাক দেখা দিয়াটো বাঞ্ছা নকৰো”৷
“ইৰা, তুমি কি কৈছা? মই তাৰ দেউতাক নহয়নেকি? তুমি মোক মোৰ প্ৰাপ্য স্বত্বৰ পৰা বঞ্চিত কৰিব নোৱাৰা।”
“কোনেও আপোনাক আপোনাৰ স্বত্বৰ পৰা বঞ্চিত কৰা নাই।’’
“কিন্তু মানুহে তেনে কৰে।”
“হয়, মানুহে বিচ্ছেদ কৰে, কিন্তু অন্য উপায়ে। যদিও আপুনি এসময়ত আপোনাৰ পুত্ৰৰ প্ৰতি স্নেহ দেখুৱাইছিল..... বেচ! এতিয়া তাক দোহাৰি লাভ কি? দুবছৰ পাৰ হৈ গ'ল।”
“কিন্তু মই এতিয়া ঘূৰি আহিছোঁ!” ইমান সময় কথাবাৰ্ত্তা হোৱাৰ পিচত এতিয়াহে ইৰিনাৰ চকু উজ্জ্বল হৈ উঠিল। চকুলোৱে তেওঁৰ মুখমণ্ডল বিয়পি পৰিল। তেওঁ বিচনাতে বাগৰি পৰিল,কিন্তু তৎক্ষণাৎ ইৰিনাৰ প্ৰশান্ত মনলৈ স্থিৰতা ঘুৰি আহিল।
“বহুত পলম হ’ল,”— তেওঁ চিঞৰি ক'লে।
চমভৰ আগত সেই ধুনীয়া, দৃঢ়প্ৰতিজ্ঞ তিৰুতাগৰাকী –যাক অবৈধভাবে অন্যায় কৰা হৈছে।
চমভ ইৰিনাৰ কাষ চাপি গ'ল আৰু ইৰিনাৰ কান্ধত হাত ৰাখি অত্যন্ত নিঃসহায়তাত ক'লে,—“মোক নেখেদিবা ইৰা! মই তোমাক এৰি জীৱন নিৰ্ব্বাহ কৰিব নোৱাৰোঁ। লৰাছোৱালী দুটিৰ কথা চিন্তা কৰা, সিহঁতৰতো এটা দেউতাক লাগিব।”
“বহুত পলম হ'ল, ভ্লাডিমাৰ . . বহুত পলম হ'ল! সিহঁতৰ দেউতাক আছে” ইৰিনাই মেজৰফালে ঘূৰিলে আৰু গৰ্ব্বীতা হৈ বেৰৰ এখন আলোক চিত্ৰলৈ আঙ্গুলিয়াই দেখুৱালে। *