মোলৈ, এইটো ধুনীয়া পুতলা আনিছে।” চমভে তেতিয়া ইয়ুৰি ভিতৰলৈ দাঙি লৈ গ’ল। এতিয়া বিমোৰত পৰিল। তেওঁ যি সঙ্কল্প মনত লৈ আহিছিল সেই সঙ্কল্প ইৰিনা আৰু ইয়ুৰিকৰ আগত জয় পৰি গ'ল।
চমভে এতিয়া অনুভৱ কৰিলে যে, পৰিয়ালৰ লগত সম্বন্ধ চিঙাটো সহজ নহয়। ইৰিনাই চাহ লৈ কোঠাটোলৈ সোমাই আহিল। তেওঁৰ আজি আনন্দৰ সীমা নাই। চমভে ইৰিনাৰ মুখলৈ চোৱাৰ লগেলগে পূৰ্বে ভাবি অহা কথা সকলো পাহৰি গ'ল।
চমভ কুইৰিচেভত তিনিদিন থাকিল। ইৰিনা সেই কেইদিন অতিশয় আনন্দিত আছিল, মাথোন চমভৰ বিদায়ৰ সময়তহে ক'লে যে, কিছুমান অশোভনীয় বাতৰি মস্কোৰ পৰা তেওঁৰ কাণত পৰিছেহি। ভ্লাডিমাৰে ইৰিনাক তেতিয়া বুকুত সাৰটি লৈ চুমা খালে।
চমভে দৃঢ়সঙ্কল্প কৰি গ'ল যে, তেওঁ থিচিচ্ সমাপ্ত কৰি জিণ্ডলভস্কলৈ বদলি হবৰ কাৰণে কৰ্তৃপক্ষক টানি অনুৰোধ জনাব; কিন্তু টাটয়ানাৰ ওচৰ পোৱাৰ লগে লগে তেওঁৰ সকলো সঙ্কল্পই বিফলতা ৰূপ ললে।
দু সপ্তাহৰ ভিতৰতে চমভে ইৰিনালৈ সকলো কথা স্বীকাৰ কৰি বিবাহ-বিচ্ছেদৰ কাৰণে এখন চিঠি লিখিলে! বিচ্ছেদৰ সম্মতি দি ইৰিনাই চিঠিৰ উত্তৰ দিলে।
সকলো কথা সহজেই সমাধা হৈ যোৱাত চমভ আচৰিত হ'ল, কিন্তু তেওঁ ভবিষ্যতে ভৰ্ৎসনা আৰু ইয়াৰ কৈফিয়ৎৰ কাৰণে ভয় কৰিলে। এই ঘটনা ঘটাৰ এমাহৰ ভিতৰতে এদিন হঠাৎ ইৰিনা মস্কো পালেগৈ। চমভে ইৰিনাক তেওঁ কামকৰা অনুষ্ঠানতে লগ পাই বিমোৰত পৰিল। ইৰিনাৰ ক্ষীণ, দুৰ্বল শৰীৰ আৰু শেঁতাপৰা মুখমণ্ডল দেখিলেই অনুভব হয় যেন কিবা এক মৰ্মস্পৰ্শী আৰু নিঃসহায় বেদনাই তেওঁৰ মন আৱৰি আছে। তেওঁক এই চেহেৰাত দেখি চমভৰ অতীতৰ স্কুলীয়া ছোৱালীজনীলৈ মনত পৰিল।
“ভলদায়া! মই আপোনাৰ কাষ চাপিবলৈ সন্দিগ্ধ হৈছে; কিন্তু খুৰীয়ে এই কথাটো আপোনাৰ সৈতে মীমাংসা কৰিবৰ কাৰণ মোক প্ৰৰোচিত কৰিছে। মই বৰ্তমান অন্য এটি কেচুৱাৰ আশাত” —ইৰিনাই বিনীতভাবে ক'লে।
ইৰিনাৰ কথা শুনি তেওঁ তলমূৰ কৰিলে। তেওঁৰ কাৰণে ডাঙৰ কথা হ'ল তলৰ মূৰ ওপৰ কৰি ইৰিনাৰ ভৰ্ৎসনা সনা মুখখনলৈ লক্ষ্য কৰাটো। তেওঁ মূৰ ওপৰ নকৰাকৈয়ে কলে,—“কি কৰা যাই ইৰিনা? মই একো নেজানো......৷ তোমাৰ যি ইচ্ছা কৰা......।’’
“খুব ভাল কথা!” ইৰিনাই অপ্ৰস্তুত হৈ কৈ উঠিল আৰু বাহিৰলৈ ওলাই গ'ল। মাহো পাৰহৈ গ'ল হঠাৎ চমভৰ আশা হ’ল যে ইৰিনাই এতিয়া তেওঁৰ দোষ পাহৰিব আৰু ক্ষমা কৰিব। অন্যহাতে তেওঁ ইৰিনাৰ অভাৱত নিজকে অকলশৰীয়া যেন অনুভৱ কৰিলে। টাটয়ানাহঁতৰ ঘৰলৈ যোৱাটোও যেন তেওঁৰ প্ৰতি আচৰিত আৰু পৰিহাসপূৰ্ণ হৈ উঠিল। ট্ৰেইন আহিল; তেওঁ উত্তেজিত হৈ লৰালৰিকৈ কাপোৰ সলাই ট্ৰেইনত উঠিল। 3