পৃষ্ঠা:জীবস্তূতি.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কত ঠাই ঘোৰ   আন্ধাৰ পাৱয়
  নেদেখয় চক্ষু মেলি।
নপাৱে দেখিতে   জৰিত ধৰিয়া
  যমদূতে নেই ঠেলি॥
কতো বেলা কুশ   কণ্টক পাৱই
  খোজেক যাইতে নাৰে।
চক্ষুক পকাই   ক্ৰোধ কৰি চাই
  চাবুকে কোবাই মাৰে॥
তম্ভিবাক লাগি   স্থল নাহিকয়
  খাইবাক পানী নাই।
মূৰ্চ্ছা হুয়া কতো   ঠায়ে ঠায়ে পৰি
  পুনুহো দুখে উঠয়॥
পৰম দুৰ্ঘোৰ   হাজাৰেক মন্দ
  লক্ষ প্ৰহৰৰ বাত।
পৃথিবীৰ পৰা   এতেক অন্তৰ
  যম নৃপতিৰ পাট॥
যম দূতগণে   ছয় দণ্ডে নেই
  এতেক দূৰক লাগি॥
মহাপাপী হলে   চাৰি দণ্ডে নেই
  দুখ পাই মন্দ ভাগী॥