পৃষ্ঠা:জীবস্তূতি.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১১)

সেহি ধনে ভাৰ্য্যা   পুত্ৰক পুষিলো
  একো পুণ্য নাচৰিলো।
বৈষ্ণবক দেখি   কটাক্ষে চাহিলো
  ভাল মুখে নমাতিলো॥
সিহেন শৰীৰে   হৰি নভজিলো
  কিনো মই পাপী ঘোৰ।
আৰু পুনৰপি   মনুষ্য হৈবাৰ
  মায়া দূৰ হৈলা মোৰ॥
যাহাক পুষিলোঁ   তহিতে এৰিলো
  আইলো একেশ্বৰে পৰি।
যমদূতে মোক   দুখ দিয়া নেই
  গলত লগায়া জৰি॥
ক্ষুধা তৃষ্ণা এৰি   এহি মতে কান্দি
  যায় বিমোহিত হুই।
উপৰে আদিত্য   বতাস বহয়
  দুই পাশে বন জুই॥
তলে তপ্ত বালি   চৰণ পোৰই
  পিঠিত চাবুক মাৰে।
জৰিত ধৰিয়া   আজুৰি লই যায়
  চলিতে দুখে নপাৰে॥