পৃষ্ঠা:জীবস্তূতি.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

তথাপিতো তাৰ তাতে নাই বিৰকতি।
লোকে বোলে লও বুঢ়া সন্তৰ সঙ্গতি॥
নুশুনয় কাৰো বোল আছে মায়া জাল।
বেলে গালি পাৰে যদি তবু সেয়ে ভাল॥
আপোনাৰ ঘৰ এৰি যাইবো কোন ঠায়।
এহি বুলি থাকে ছৱালক ওমোলায়॥
মাথা কাম্পে দন্ত যত লৰফৰ কৰে।
চোবাইতে নপাৰি হাই হুই কৰি মৰে॥
বায়ূৰ বেগত দুই চক্ষু ওলোতায়।
কাসন্তে কাসন্তে আতি মূৰ্চ্চিত হোৱয়॥
বহুতৰে কফে আসি কণ্ঠক ভেণ্টই।
কিছুই নোৱাৰি পাছে মূৰ ঘুমাৱই॥
মৰিবাৰ বেলা আসি যেখনে মিলয়।
কি কাম কৰিলো বুলি তেখনে গুণয়॥
চতুৰ্ভিতি বেঢ়িয়া কান্দয় বন্ধুগণে।
বাপ ভাই দদা খুড়া বুলিয়া সঘনে॥
কৈক মৰি যাহা ঝান্তে কিবা আছা থই।
তথাপিতো কাকো চক্ষু মেলি নচাৱই॥
কাল পাশে বদ্ধ হুয়া বচন নোলায়।
নিশ্বাস ছাৰিয়া নিজ কৰ্ম্মক স্মৰয়॥