পৃষ্ঠা:জীবস্তূতি.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১০)

তাক লাগি যতন কৰিয়ে সৰ্বক্ষণ।
সমস্ত এৰিয়া আন বিষয়ক মন।
দুৰ্লভ ভাৰতে হেন তনু আছা পাই।
বোলা ৰাম ৰাম হৌক পাপৰ প্ৰলয়॥

দুলৰি।

এহি মতে গলে   জৰি দিয়া নেই
  দুখৰ তাৰণ নাই।
অনেক কুকুৰে   পথতে কামোৰে
  তাৰ বিষে ধাতু যাই॥
সেহি বেলা পাছে   আপোনাৰ পাপ
  স্মৰি কান্দে দুখ কৰি।
কিনো দুৰাচাৰ   আপোনাক মই
  বঞ্চিলোহো হৰি হৰি॥
ভাৰত ভূমিত   উত্তম মনুষ্য
  শৰীৰ আছিলো পাই।
হিংসা চুৰি কৰি   অন্যায় আচৰি
  আনিলো অৰ্থ সদাই॥