পৃষ্ঠা:জীবস্তূতি.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৯)

পাষণ্ডৰ শব এক নদীত উটি যাই।
খাইবে লাগি কুত্তা একে আনিলে চপাই॥
পাছে এক জাতি স্মৰ কুকুৰে দেখিয়া।
কৰিলেক বাধা তাক বিনয় কৰিয়া॥
হে ভাই নেখাবা আক এৰিয়ো সত্বৰ।
হস্তে একো নকৰিলে কৰ্ম্ম গোবিন্দৰ॥
কৰ্ণ দুয়ে নুশুনিলে হৰিৰ যশক।
চক্ষু নচাহিলে বিষ্ণু বৈষ্ণব জনক॥
মুখে নলইলে মাধবৰ গুণ গান।
ভৰি নকৰিলে হৰি ক্ষেত্ৰক গমন॥
অন্যায়ে আনিয়া ভৰিলেক উদৰক।
শিৰে ননমিলা বিষ্ণু বৈষ্ণব জনক॥
নিন্দিতৰো নিন্দিত কুৎসিত কলেৱৰ।
হেন জানি এৰি যাহ আপোন বাসৰ॥
মহন্তৰ মন কোপে দুৰ্ব্বাসনা হয়।
অনাদি জন্মক লাগি সংসাৰ সাজয়॥
সন্তৰ কৃপায়ে সবাসনা লাগ পায়।
তেবেসে পুৰুষ ভকতিৰ ভাগী হয়॥
হেন জানি যিটো বুদ্ধিমন্ত হয় নৰ।
যেন মতে অনুগ্ৰহ মিলয় সন্তৰ॥