পৃষ্ঠা:জীবস্তূতি.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সমস্তক চালিয়া ফুৰন্ত কালদেৱে।
কালৰ বিক্ৰম তবু নজানন্ত কেৱে॥
যেন মেঘ সমুহক বায়ু চলাৱয়।
তথাপি বায়ুৰ মহিমাক নজানয়॥
যেই যেই অৰ্থে ক্ৰূৰবুদ্ধি নৰগণ।
আতি মহা দুখ কৰি কৰয় অৰ্জ্জন॥
গুছিবেক দুখ মোৰ সুখ মিলিবেক।
এহি বুলি আলোচ কৰয় অতিৰেক॥
তাক পাছে বলৱন্ত কালে বিনাশন্ত।
পাছে তাৰ অৰ্থে শোক কৰে অপৰ্য্যন্ত॥
পুত্ৰ ভাৰ্য্যা দান পুণ্য নিকাৰ নকৰে।
গৃহ ক্ষেত্ৰ জন আনে যত নিৰন্তৰে॥
ইহাক দুৰ্ম্মতি নৰে মানে সত্য কৰি।
এহি হেতু সংসাৰে ওপজে মৰিমৰি॥
ইটো সংসাৰত যেই শীঘ্ৰে মৰি যাই।
তাতে তাৰ সুখ লভে বিৰকতি নাই॥
নৰকত পৰি থাকে মহাদুখ পাই।
তথাপিতো দেহ এৰিবাৰ ইচ্ছা নাই॥
কৰ্ম্ম ফলে পাৱে যাই নাৰকী জন্মক।
তাতে সুখ মানে আৰু লভে কুটুম্বক॥