পৃষ্ঠা:জীবস্তূতি.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জীবস্তূতি।

কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায়চ।
নন্দগোপ কুমাৰায় গোবিন্দায় নমো নমঃ॥

শ্ৰীকৃষ্ণায় নমঃ।

জয় জয় কৃষ্ণ দেব তোমাৰ পাৱত।
কোটি কোটি নমস্কাৰ কৰোহোঁ সতত॥
তাত পাছে শঙ্কৰৰ চৰণ বন্দোহো।
জীৱৰ মঙ্গলময় কথাক ৰচোহো॥
সংসাৰী জীবৰ জানা নাহিকয় পাৰ।
কৰিলন্ত দ্বিজে হৰি ভকতি প্ৰচাৰ॥
তাহান চৰণ যুগে কৰি নমস্কাৰ।
জীবৰ তুতিৰ পদ কৰিবো প্ৰচাৰ॥
পুছিলন্ত দেবহুতি কপিল পুত্ৰত।
কহিয়োক জীৱৰ সংসাৰ কেন মত॥
কপিলে বোলন্ত আঈ শুনিয়ো উত্তৰ।
কতনো নিকাৰ কৈবো দুখীয়া জীৱৰ॥