সমললৈ যাওক

পৃষ্ঠা:জীবস্তূতি.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাহিকে তিলেক সুখ। | গৰ্ভবসে নানা দুখ কতনো ভুঞ্জিবো মৰি মৰি। যেন ইটো তাপ ঘোৰ পুনৰপি নোহে মোৰ কহিলো তোমত প্ৰাণ হৰি। আগে ষোলো ভয়ঙ্কৰ ইটো দুখ সমুদ্ৰ কৈসানিনে আৰ বাজ হৈবে।। সুমৰি কৃষ্ণৰ মায়া বাজ হৈতে নোখোজোহে। পুনু বোলে৷ ইয়াতে থাকিবে। এতেকে নিশ্চয় কৰি | মাৱৰ গৰ্ভ জীবে থাকে পৰি পৰম দুখত। পুনু দশ মাস পাছে ভৈলেক তাহাৰ আসি ঘোৰ দশমাস সমাগত। পাছে সেই সময়ত | প্ৰসূতি মৰুত নামে বায়ু লগ পাইলে আসি তাৰে। অতিশয় বলে ধৰি ওভেটাই থয় কাক | পশে গৈয়া যোনীৰ দুৱাৰে। যতেক আছিল জ্ঞান সমুলঞ্চে তল গৈ হেট মুণ্ড কৰি ৰহি আছে। যাতনাত মুচ্ছ। হুই গাৱত চেন নাই মৃততুল্য তন্ম লভে পাছে।