এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( ২১ )
যিটো বিশেষত ভৈলা সেবৰ সেবক ভাৱ,
শুনা হেন প্ৰভু হৃষিকেশ।
ভৃত্যৰ ইন্দ্ৰিয়গণ ইটো ঘোৰ মায়া আছে,
দেহ কোষে পৰি গতি নাই।
ইহাক আশ্ৰয় কৰি | মাৱৰ গৰ্ভত আছে,
কৰ্ম্ম পাশে বন্ধ যেন হুই।
নিৰন্তৰে তাপ পাও ক্ষণিকো নাহিকে সুখ
তৰণ উপায় কিছু নয়।
তাহানে আমাক জানে। | অনেক অন্তৰ হুই,
তাক সঙ্গ ধৰণ ন্যায়
হৰিয়ে। ইহাতে আশা।
| তথাপিতো সৰ্বকালে,
বিশুদ্ধ খও বোধ যাৰ।
মোৰ হৃদয়ত যিটো
আন্ত সাক্ষাত হুই
তান পাৱে কৰো নমস্ক।।
শুদ্ধমত পঞ্চভূত | বিৰচিত দেহেমই,
তথাপি মায়ায়ে ভৈলো ছন্ন।
প্ৰকৃতি পুৰুষ দুই | নিয়ন্তা ঈশ্বৰ কৃষ্ণ
তান পাৱে কৰোহে। বন্দন।
জ্ঞানে ইটে। ভব বন্ধ
সমুলঞ্চে দূৰহয়,
কৃষ্ণ বন্দনৰ কোন কাম।