পৃষ্ঠা:জীবস্তূতি.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চ মাস হৈলে পাছে, ক্ষুধা তৃষ্ণ আদি কৰি, আনে। সব আছে যত যত। ছয় মাস প্ৰবেশিলে, গৰ্ভক বেঢ়য় জলে, | সকল শৰীৰ থাকে ঢাকি।। দক্ষিণ কুক্ষিত সদা। | ভ্ৰমি থাকে জননীৰ অদৃষ্ট বশত সিটো থাকি। মাতৃয়ে যতেক খাই অন্ন পান আদি কবি, | তাহাতে বল বাঢ়য় তাৰ। বিষ্ট। মুত্ৰৰ গৰ্ভত পৰি থাকি চিৰকাল, দুখ আতি পাৱে বহুতৰ জননীৰ আছে যিটো অপয়নী নাড়ি গোট | শিশুৰ নাড়িত বদ্ধ হুই। সেহি দ্বাৰে অন্ন ৰস | তাৰ শৰীৰক যাই, ইটো কথা অঘটন নুই ও মাতৃৰ উদৰে আছে যত যত কৃমিগণ, গাৱে বেঢ়ি নিৰন্তৰ খাই। সুকোমল শৰীৰে | ৰুধিৰ বইয়ে ধাৰে, ঘৱ মত হোৱে ঠাই ঠাই। বহুতৰ বেদমাত | বাৰে বাৰে মুচ্ছ যাই, ২ই পাকে অতি অচেতন।