পৃষ্ঠা:জীবস্তূতি.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাৰী পুৰুষ সম্ভোগ, সময়ত গৈয়া পাছে, | বিষ্টাৰ উদৰে নিয়া খোৱ। ঈশ্বৰ ইচ্ছায় আসি, অদৃষ্ট বশত থাকি, শুক্ৰ শোনিত ইটো দুই। এক ৰাত্ৰি ভৈলে পাছে, কালৰ বিক্ৰয় তৈতে, দুয়ো অতিশয় মিশ্ৰ হুই। পঞ্চ ৰাত্ৰি ভৈলে পাছে, বল আকাৰ হোষে, | শুনিয়ে ইহা অনন্তৰ। দশ ৰাত্ৰি বীৰ, | ফুল সম ডাঠ হয়ে, | এহিমতে জীবৰ আকাৰ। এক মাস বহি গৈলে, মাংস পিও হয় আসি, | তাৰ পাছে দ্বিতীয় মাসত। শিৰ বাহু চৰণক, আদি যত অঙ্গ চয়, হোৱে আসি বিভাগ সমস্ত। তৃতীয় মাসত পাছে, | নানা সব অস্থি চয়, লিঙ্গ চিহু নাৰী পুৰুষৰ। চক্ষু কৰ্ণ নাসা আদি, | ইসবৰ চিনু গণ, দেখন্তে শোভন ৰুচিকৰ? ছা মাংস মজ্জা আদি, | পুৰুষৰ সাত ধাতু হয় আসি চতুৰ্থ মাসত।