এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৯ )
মাতৃয়ে লোভত থাকি জল টেঙ্গা লোণ ক্ষাৰ,
যত যত কৰয় ভোজন॥
তাৰ ৰসচয় যাই শৰীৰত প্ৰবেশয়,
সৰ্ব্বখানে সঞ্চৰয় গাৱ।
ঘাওৰ মুখত সেহি জলা টেঙ্গা ক্ষাৰ লাগি
ধৰ ফৰ কৰিয়া ফুৰয়॥
সকল শৰীৰ তাৰ জালে আবৰিয়া থাকে
নাড়ি আৰ বেঢ়ি থাকে তাতে।
দক্ষিণ কৰিয়া শিৰ অধোমুখ হুয়া থাকে,
দুই চক্ষু ঢাকি দুই হাতে॥
দুখৰ কালত যেন পিঠি ঘাৰ ভাঙি পৰে,
লৰিতে নোৱাৰে হাত পাৱ।
যেন বোকোন্দাত ভৰি বান্ধি আছে টান কৰি
আঠু শিৰ কৰি এক ঠাৱ॥
পূৰ্ব্বৰ যতেক জাল গৰ্ভতে থাকন্তে আসি,
জাগে আৰু শত জনমৰ।
যিবা কৰ্ম্ম যেন যেন জনমক পায়াছিলোঁ,
শৃগাল কুকুৰ শুকৰৰ॥
সেহি সেহি জনমত যেন যেন কৰ্ম্ম ভৈলা,
সিসব সমস্ত সুমৰয়।