পৃষ্ঠা:জীবস্তূতি.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

| ( ১৬)। মনুষ্যৰ তনু, ক্ৰমে কীট আদি, | যতেক যোণী আছয়। অনুক্ৰমে সিটো, সবাতো ওপজে, এৰাইৰাক নপৰিয়। শুনা সভাসদ, | তপ জপ পূজা, সন্ন্যাস বেদ পঢ়য়। জল অগ্নি সূৰ্য্য, তাৰাক উপাসে, যতেক আন আছয়। মহন্তৰ পদ, | ধূলি সেবা বিনে, কৃষ্ণক কেহো নপাৱে। সকল সমাজে, ৰাম ৰাম বোলা, সাধুত পীৰিতি ভাৱে। * ৪। ছবি। কপিল বদতি সতী, শুনিয়োক দেবহুতি, মনুষ্য কুমাৰী তুমি আই। পৃথিবীত বহু দুখ, | ভুঞ্জি পছে শুদ্ধ হুই, মনুষ্যত উপজে দুনাই। প্ৰথমতে পুৰুষৰ, | হৃদয়ত স্থিত হুয়া, পাছে ৰেতত বাসাৱে।