পৃষ্ঠা:জীবস্তূতি.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হাত ভৰি আছাৰিয়া ধৰ ফৰ কৰে।
দেখি সব বন্ধুগণে অসন্তোষ কৰে॥
এহি মতে কুটুম্ব পোষন্তে দিন ক্ষয়।
দুৰ্লভ জনম পায় কিবা কাৰ্য্য হয়॥
নিজ যত বন্ধু সবে থাকস্তে আবৰি।
মহাকষ্টে তাহান আগতে যায় মৰি॥
সেহি বেলা পায় আসি দুই যমদূত।
অতি মহা ভয়ঙ্কৰ দেখিতে অদ্ভুত॥
ক্ৰোধে দুই চক্ষুক সঘনে পকাৱয়
তাহাঙ্ক দেখিয়া হৃদি কম্প ওপজয়॥
অতি মহাত্ৰাসে মল মুত্ৰক এৰয়।
বলে ধৰি অশেষ যাতনা ভোগাৱয়॥
পাছে তাৰ গলে ছাম জৰিক লগায়া।
অতি বেগে বিদুৰ পথে নেয় টানিয়া॥
যেন কাকো ৰাজদূতগণে নেই ধৰি।
সেহি মতে নেয় তাক বলেৰে আঁজুৰি॥
শুনা সভাসদ বিলম্বক নুযুয়াই।
জানা এহিমতে আছে সবাৰো বিলাই॥
পাযণ্ডৰ শব গোট আতি অপবিত্ৰ।
শুনিয়োক তাক কহোঁ কেনে বিপৰীত॥