কতনা নাে অইনাই সহিবাঁ ! আজিকালি আৰু ৰজা নামত হে, বিষয়া
হে ৰজা। গদা কোৱঁৰৰ দৰে ৰজা এগৰাকী হোৱা হলে যেনিবা দুখৰ
অন্ত পৰিলহেঁতেন—আইঔ ! এতিয়া হে মৰিলোঁ! কওঁতেই
ওলালেহি ।
(বগী গহীন হৈ বহে।)
(গােটাচেৰেক ৰাজসেনাৰ বেগেৰে প্রবেশ)
১ম, সেনা।— হেই বুঢ়ী, হেইটো বাৰীচুকেদি কোন গল?
বগী।— এ, বােপাই, সেইটো পাণ-সলােৱা নগা। কালিৰেপৰা আছেহি।
ভাতমুঠি দি বাৰীৰ বন কেডাল কটাই লৈছোঁ। বাঁৰী-দুখুনী মানুহ,
মােক নো এখন কোনে কৰি দিয়ে বোপাই !—বৰকৈ ফোঁপাইছ
দহােন ?—বহিবি নে ?
২য়, সেনা।— এৰা, তােৰ ইয়াত বহি মৰোঁ !
বগী।— এ, আই, মােক নাে ডাইনী দেখিলিনে বােপাই ঐ ! বােপাইহঁত,
তহঁত ৰজাৰ মানুহ নে কি ? —কি বিচাৰিছ ?
৩য়, সেনা।— নহয় নো কি আকৌ ; দেখিও দেখা নাই নে ধেন্দেলী ? গদা-
কোঁৱৰক বিচাৰি ফুৰা কথা এই জনীয়ে কবই নােৱাৰে হবলা!
বগী।— এ, কেলৈ নাে খং কৰ বােপাইটি। জানি নাে সুধিবলৈ ৰং লাগিছে
নে? বাৰু, তেনেহলে নালাগে বহিব, নকওঁ। এৰা, এখনমান
তামােল খােৱাৰ পৰৰ আগতে শকত-আৱত মানুহ এটা চুচুক-
চামাককৈ সৌ ফালে দি গৈছেগৈ। নিলগৰপৰা আৰজাতটো্ত
গদা কোৱঁৰ যেন লাগিল।
কেইটাই।—কেনি, কেনি, কেনি? কেতিয়া গল ? কিমান পালেগৈ ?
বগী।— (আঙ্গুলিয়াই) সউ ফালে। বেগেৰে গৈছেগৈ। লৰি গলে লগ
ধৰিব পাৰিবিগৈহঁক।
পৃষ্ঠা:জয়মতী.pdf/৩২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
জয়মতী।