পৃষ্ঠা:জন্মাষ্টমী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
২৭

কৃষ্ণ নন্দৰজাৰ ঘৰত পৰিস্ফুৰণ আৰু পৰি বৰ্দ্ধন হোৱাৰ ৰহস্য।

 ১৯। কৃষ্ণ জন্মৰ কথা শুনি কংসৰজাৰ ভয়ৰ কাৰণ কি? পৰাক্ৰমী কংস ৰজা হৈছে ঘোৰ তমগুণত মগ্ন থকা মানৱ জীৱনৰ প্ৰতিমূৰ্ত্তি। তম বৃত্তিত কংস ইমান মগ্ন যে সংসাৰৰ ভোগ-বিলাস ত্যাগ কৰি কৃষ্ণৰ হাতত মৃত্যু হব বুলি ভয় খাইছিল। মানুহ যেতিয়| অসাৰ অনিত্য ভোগ-বিলাসৰ আমোদ-প্ৰমোদত মগ্ন থাকে তেতিয়া মৃত্যুৰ কথা কলে ভয় খায়। আত্ম-বোধ জন্মিলেই ইন্দ্ৰিয় ভোগ-বিলাস ত্যাগৰ আশঙ্কাত মানৱ অন্তৰত ভয় জন্মে। কংসৰজাই মোহান্ধ হৈ যেতিয়াই নিজত্ব পাহৰিলে তেতিয়াই মৃত্যুক আলিঙ্গন কৰিলে।

 ২০৷ কৃষ্ণ জন্মৰ কথাত কংসৰজাৰ যেতিয়াই ভয় সোমাল তেতিয়াৰ