পৃষ্ঠা:জন্মাষ্টমী.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
২৬৬

ঘৰত ৰখাৰ আৱশ্যকতা কি? কংস, কৃষ্ণৰ পৰম শত্ৰু বুলি বসুদেৱৰ বিশ্বাস হৈছিল। কংস শত্ৰুৱে শিশু কৃষ্ণৰ অনিষ্টপাত কৰি- বৰ সম্ভৱ। সেই কাৰণে বসুদেৱে অপত্য প্ৰেমত মুগ্ধ হৈ নন্দৰজাৰ ঘৰত থৈ আহে। কৃষ্ণ যদিও পূৰ্ণ চৈতন্য তথাপি মানৱ জাতিক শিক্ষা দিবৰ অভিপ্ৰায়ে লীলা ক্ৰমে নন্দ ৰজাৰ ঘৰত ডাঙৰ-দীঘল হবলৈ ধৰিলে। মানৱ হৃদয়ত যেতিয়া প্ৰথম চৈতন্য ভাব জাগে সেই চৈতন্য ভাব অতি কোমল আৰু সূক্ষ্ম অৱস্থাত থাকে। এই কোমল চৈতন্যক নানা প্ৰলোভনে অনিষ্ট কৰিব প্ৰয়াস কৰে। সেই কাৰণে আত্মবোধ হোৱা হোৱা মাত্ৰকে নিৰাপদ, নিৰ্জ্জন, নিষ্কণ্টক স্থানত ধ্যান, ধাৰণা, সাধনা আদি কৰিলে শিশু আত্মবোধ ক্ৰমে ক্ৰমে দৃঢ় হৈ আহে আৰু অৱশেষত পূৰ্ণত্ব লাভ কৰিবলৈ সমৰ্থ হয়। এয়ে হৈছে