পৃষ্ঠা:জন্মাষ্টমী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
২৮

পৰাই কৃষ্ণৰ শত্ৰু হৈ উঠিল । কৃষ্ণক কেনেকৈ নাশ কৰিব তাৰে চিন্তাত কংস ব্যস্ত হৈ উঠিল। চৈতন্য ভাব জাগিবৰ সময়ত মানুহৰ অন্তৰত চয়তান পাপীৰ বিভীষিকাই দেখা দিয়ে। বুদ্ধদেৱে চিন্তাৰ চৰম স্থান পাওঁ পাওঁ হওঁতে, “মাৰ” অর্থাৎ চয়তান আহি নানা প্রলোভন দেখুৱাই ব্যাঘাত জন্মাব চেষ্টা কৰিছিল । এই “মাৰেই” হৈছে কংসৰ কৃষ্ণৰ প্ৰতি শত্রুতা আচৰণ। অৱশেষত কংস পৰাস্ত মানি কৃষ্ণৰ হাতত ধ্বংস হল। অর্থাৎ কংসৰূপ ধ্বান্তৰূপক পৰম ব্রহ্ম কৃষ্ণই ধ্বংস কৰি জগত জ্যোতিৰ্ম্ময় কৰিলে৷ এয়ে হৈছে কংস ৰজাৰ কৃষ্ণৰ প্ৰতি শত্রুতা আচ- ৰণৰ ৰহস্য ।

 ২১। কংসৰজা কৃষ্ণৰ শত্ৰু হৈয়ো কৃষ্ণ কৃপা লাভ কৰাটে৷ হে অতি ৰহস্যৰ কথা। জগতত ইপ্সিত বস্তু লাভ কৰাৰ দুটি উপায়