পৃষ্ঠা:জন্মাষ্টমী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
২৪


জ্ঞানৰ উপলব্ধি হলেই জগতৰ বৈষম্য ভাব ক্ৰমে লোপ হৈ আহে। এই অহং জ্ঞানৰ লগে লগে পূৰ্ণ চৈতন্যময় জ্ঞান জন্মাবৰ কাৰণে আজি জন্মাষ্টমী ব্ৰত।

 ১৬। জীৱ মাত্ৰই চৈতন্যময়। আৰু এই চৈতন্যময় জীৱ পূৰ্ণ চৈতন্যময় পৰমাত্মাৰ লগত সংশ্লিষ্ট। অপূৰ্ণ আৰু পূৰ্ণ চৈতন্য গ্ৰন্থিয়েই বিশ্ব-ব্ৰহ্মাণ্ডৰ মাজত সাম্য, সামঞ্জস্য ভাব স্থাপনৰ মূল। খণ্ড জীৱ চৈতন্যই অখণ্ড ব্ৰহ্ম চৈতন্যৰ লগত মিলনৰ আকাঙ্ক্ষা কৰে। আৰু এই মিলনেই পৰম আনন্দ বুলি ভাবে। কিন্তু মোহ আৰু মায়াৰ চক্ৰত পৰি মানুহে সময়ে সময়ে এই চৈতন্য ভাব পাহৰে। এই বিশ্বত চৈতন্য জাগ্ৰত কৰিবলৈ আজি জন্মাষ্টমী ব্ৰত। কষ্ণ জন্ম মানেই মানৱ অন্তৰত চৈতন্য সূৰ্য উদয় হোৱা। ব্ৰহ্মমুহূৰ্ত্তৰ পৰা সন্ধ্যা পৰ্য্যন্ত সূৰ্য্যৰ