পৃষ্ঠা:জন্মাষ্টমী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
২৫


যেনেকৈ কোমল মৃদু, প্ৰখৰ, মধুৰ, সুমধুৰ কিৰণ বিস্তাৰ হয় তেনেকৈ এই চৈতন্য ভাবো কৃষ্ণৰ জন্মৰ পৰা মানৱ জীৱনৰ লগত স্তৰে স্তৰে সম্বন্ধ ৰাখি অৱশেষত সুমধুৰ চৈতন্য ভাবত উপনীত হয়।

 ১৭। পূৰ্ণ চৈতন্যময় কৃষ্ণ কংস ৰজাৰ বন্দীশালত কঠোৰ কষ্টৰ মাজত জন্ম গ্ৰহণ কৰাৰ ৰহস্য কি? মানৱ জীৱন বহু কষ্ট, বহু চিন্তা, বহু প্ৰলোভন, বহু মায়া, মোহ, ক্ৰোধ, আদিৰে পূৰ্ণ। এইবোৰ তামসিক বৃত্তিয়েই চৈতন্য প্ৰকাশৰ প্ৰতিবন্ধক। মানৱ হৃদয় কংসৰাজৰ বন্দীশালৰ স্বৰূপ। এই হৃদয় বন্দীশালতেই আত্ম-চৈতন্য জাগি উঠে এয়ে হৈছে বন্দীশালত কৃষ্ণৰ জন্ম তত্ত্ব।

 ১৮। পূৰ্ণ চৈতন্য জ্যোতিৰ্ম্ময় কৃষ্ণ জন্মিল। দশোদিশ পোহৰ হল। কিন্তু কৃষ্ণ জন্মা মাত্ৰকে গোকুলৰ ৰজা নন্দৰ