পৃষ্ঠা:জন্মাষ্টমী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
২৩


“নিত্য শুদ্ধ বিমুক্তৈকমখণ্ডানন্দমদ্বয়ম্।
সত্যং জ্ঞানং অনন্তং যৎপৰং ব্ৰহ্মেদমেব তৎ॥

অৰ্থাৎ মই (কৃষ্ণ) পৰম ব্ৰহ্ম, নিত্য, শুদ্ধ, মুক্ত, এক, অখণ্ড, অদ্বিতীয়, জ্ঞানময়, সত্য, আনন্দ আৰু অনন্ত।

 ১৫। পৰ্ব্বতৰ শৃঙ্গৰ পৰা ভৈয়ামলৈ যিমান নামি অহ৷ যায় সিমানেই ভৈয়ামৰ খাল বাম দেখা যায়। আকৌ ভৈয়ামৰ পৰা পৰ্ব্বতৰ শৃঙ্গলৈ যিমানেই উঠা যায় সিমানেই ভৈয়ামৰ খাল বাম সকলো সমান দেখা যায়। ভৈয়ামৰ খাল বামৰ দৰে এই পাৰ্থিব জগতত যশ, মান, ধৈৰ্য্য, বীৰ্য, ঐশ্বৰ্য্য, জ্ঞান, প্ৰেম আদিৰ নানান ৰকম বৈষম্য দেখা যায়। মনোবৃত্তিৰ স্ফুৰণৰ লগে লগে এই বৈষম্য বিচিত্ৰ ভাব ক্ৰমে ক্ৰমে নাশ হৈ আহে। এই বৈষম্য ভাব নাশ কৰাৰ মূলত আত্মবোধ। আত্মবোধ অৰ্থাৎ অহং