পৃষ্ঠা:জন্মাষ্টমী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী

সংসাৰী; কাৰো মনত কৃষ্ণ পৰম ৰাজনীতিজ্ঞ; কাৰো মনত কৃষ্ণ পৰম শক্তিশালী; কাৰো মনত কৃষ্ণ পৰম প্ৰেমিক; কাৰো মনত কৃষ্ণ পৰা ভক্ত; কাৰো মনত কৃষ্ণ সাকাৰ; কাৰো মনত কৃষ্ণ নিৰাকাৰ; আৰু কাৰো মনত কৃষ্ণ পৰম ব্ৰহ্ম পৰমাত্মা স্বয়ং ভগৱন্ত। নামঘোষাত মাধৱদেৱে কৈছে :—

কৃষ হেন শব্দ ইটো পৃথিবী বাচক ভৈল
ণ আনন্দত প্ৰবৰ্ত্তয়।
দুইৰ এক পদ ভৈল পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ
নাম আনন্দক মাত্ৰ কয়॥

এয়ে হৈছে কৃষ্ণৰ চৰম ৰূপ। জ্ঞানৰ উৎকৃষ্টতম স্তৰত উপনীত হব পাৰিলে কৃষ্ণৰ এই ব্ৰহ্মময় আনন্দ ৰূপ উপলব্ধি কৰিব সমৰ্থ হোৱা যায়। এই আনন্দ ৰূপ স্বয়ং ভগৱন্তৰ ৰূপ। সেই কাৰণে এই বিশ্ব ব্ৰহ্মাণ্ড আনন্দতে সৃষ্টি, আনন্দতে স্থিতি আৰু আনন্দতে