পৃষ্ঠা:জন্মাষ্টমী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জন্মাষ্টমী


ভাৰতৰ হিন্দুময় ৰাজ্য ইমূৰৰ পৰা সিমূৰলৈ কৃষ্ণ ভাবাপন্ন। কৃষ্ণৰ ৰূপ, কৃষ্ণৰ আখ্যান, কৃষ্ণৰ গীত, কৃষ্ণ নাম, কৃষ্ণৰ অভিনয় সক- লোতে বিৰাজ কৰিছে। চলন, ফুৰণ, শয়ন, ভোজন, হৰ্ষ, বিষাদ, আনন্দ, শোক, আমোদ, প্ৰমোদ আদি সকলো অৱস্থাতে কৃষ্ণৰ নাম, কৃষ্ণৰ যোজনা, কৃষ্ণৰ লীলা প্ৰকাশ হব লাগিছে।
 পৰম ব্ৰহ্ম পৰমাত্মা যেনেকৈ “অহং”—“মই” ৰূপ ধাৰণ কৰি সকলো দেহতে বিৰাজ কৰিছে তেনেকৈ শ্ৰীকৃষ্ণ মানৱ হৃদয়ত বিৰাজ কৰিছে। বিভিন্ন দেহা শ্ৰিত “অহং’’-অৰ ৰূপ যেনেকৈ বেলেগ বেলেগ হয়, তেনেকৈ জ্ঞানৰ উৎকৰ্ষ ভেদে কৃষ্ণৰো বেলেগ বেলেগ ৰূপ ধাৰণ কৰা হয়। কাৰো মনত কৃষ্ণ গোৱাল চাৱাল; কাৰো মনত কৃষ্ণ ৰাজকুমাৰ; কাৰো মনত কৃষ্ণ ঘোৰ