পৃষ্ঠা:জন্মাষ্টমী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী

লয় হব ধৰিছে। ভগৱন্তৰ এই আনন্দ ৰূপ শ্ৰীকৃষ্ণত পূৰ্ণ ভাৱে প্ৰকাশ হৈছে। সেই কাৰণে শ্ৰীকৃষ্ণ ভগৱত্তৰ পূৰ্ণ অৱতাৰ বুলি ঘোষণা কৰা হৈছে।

 ৬। সাধু, মহাপুৰুষ, মহাত্মা, ঋষি, মুনি ভকত আদি লোকসকলৰ জীৱনত দেখা যায় তেওঁলোকে কঠোৰ পুৰুষাৰ্থ কৰি অপূৰ্ব্ব দৈব শক্তিৰ বলত জগতত একোটি একোটি মহৎ কাৰ্য্য কৰি জগতৰ মঙ্গল সাধনা কৰিছে আৰু সেই বাবে তেওঁলোক জগতবাসীৰ চিৰস্মৰণীয় হৈছে। শাস্ত্ৰ মতে দেখা যায় যেতিয়াই কোনো এটি বিপ্লৱ ঘটে তেতিয়াই একোজন মহাপুৰুষ অৱতাৰ হৈ জগতত শান্তি স্থাপন কৰে। পৰমেশ্বৰৰ পূৰ্ণ অৱতাৰ কৃষ্ণৰ আবিৰ্ভাবৰো কিৰা শান্তি স্থাপনৰ আৱশ্যকতা আছিল নে? যদি কিবা কাৰ্য্য সাধনৰ বাবে কৃষ্ণ অৱতাৰৰ আৱশ্যকতা আছিল