সমললৈ যাওক

পৃষ্ঠা:চিলাৰায়.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
চিলাৰায়
 

প্ৰতাপৰায় অত্যন্ত ব্যথিত হৈ ৰাজ্যত্যাগ কৰি উজনীলৈ গুচি যায়; কিন্তু তাতো তেওঁৰ পাচে পাচে শত্ৰু ঘূৰা দেখি নিৰুপায় হৈ তেওঁৰ কন্যা ভানুমতীক নৰনাৰায়ণত আৰু শ্বেতধামৰ কন্যা চন্দ্ৰপ্ৰভাক চিলাৰায়ত বিবাহ দি মিত্ৰতা কৰে। এই সময়তে শিৰোমণি ভূঞাৰ বংশটো জ্ঞান আৰু বীৰ্য্যত প্ৰখ্যাত আছিল; তাকে দেখি চিলাৰায়ে এই বংশৰ ৰামৰায়ৰ এটা কন্যা বিবাহ কৰি বৰ্ত্তমান গোৱালপাৰা জিলাৰ পশ্চিম দাঁতিত ৰামৰায় নামে এটা কোঠ তৈয়াৰ কৰি শহুৰেকক ৰাখে।

 বিশ্বসিংহে প্ৰাচীন কামৰূপৰ ভূঞা সকলক জয় কৰি যদিও এই ৰাজ্যৰ ৰজা হৈছিল, তথাপি ইয়াত বহুত ৰাজবংশৰ কোঁৱৰ থকাত ই সুদৃঢ় হৈ উঠা নাছিল তদুপৰি তেওঁৰ দিনত ৰাজ্য-শাসনৰ সুব্যৱস্থা হৈ উঠাও বুলিব নোৱাৰি।

 এই কাৰণে নৰনাৰায়ণ আৰু চিলাৰায়ে এইদৰে পুৰণি ৰাজবংশৰ কোঁৱৰ আৰু ভূঞাসকলক হাত কৰি তেওঁলোকৰ দ্বাৰাই ৰাজ্য-শাসনৰ ব্যৱস্থা কৰায়। মহাৰাজ নৰনাৰায়ণে শ্ৰীমন্ত শঙ্কৰদেৱক বাউসী অঞ্চলৰ গোমস্থা[১] নিযুক্ত কৰিছিল। গুৰুৱে এই সময়ত পিতৃৰ শিৰোমণি ভূঞা ৰাজ্য ত্যাগ কৰি ধৰ্মৰ হাট পাতিছিল; ৰজাৰ

  1. গোমস্থা—এটা অঞ্চলৰ শাসনকৰ্ত্তা