সমললৈ যাওক

পৃষ্ঠা:চিলাৰায়.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিলাৰায়
১১
 

আদেশত গোমস্থা গিৰি লবলগা হোৱাত তেৰাই বৰ অশান্তিবোধ কৰে আৰু বৃন্দাবনী কাপোৰ এখন তৈয়াৰ কৰাই দেৱান চিলাৰায়ৰ জৰিয়তে ৰজাক উপঢৌকন দিয়াত এই বাবৰপৰা নিষ্কৃতি লাভ কৰে। গুৰুৱে এই সময়তেই জ্যেষ্ঠ পুত্ৰ ৰামানন্দক চিলাৰায় দেৱানৰ তলত মজুমদাৰী কৰ্ম্ম শিক্ষা কৰিবলৈ থয়; সম্ভৱতঃ ৰাজ-আদেশত ইয়াক কৰিব লগাত পৰিছিল।

 চিলাৰায় শাৰীৰিক বলত শক্তিশালী হোৱাৰ লগতে অতি তীক্ষ্ণ বুদ্ধিমান পুৰুষ আছিল; তেওঁ নিজে যিটো সত্য বুলি বুজিছিল; তাক প্ৰাণপণে পালন কৰিছিল; কিন্তু সেই বুলি ভক্তিৰ আধাৰ ককায়েক মহাৰাজৰ মনত অলপো কষ্ট নিদিছিল। তেওঁলোক শৈৱ— দুই ভাই শিৱ-দুৰ্গাৰ পূজক; দুই ভাই-ককায়ে নিজ ৰাজ্যৰ ঠায়ে ঠায়ে অসংখ্য দেৱ-দেৱালয় পাতি শিৱ-দুৰ্গাৰ মূৰ্ত্তি প্ৰতিষ্ঠা কৰিছিল। কামাখ্যা মন্দিৰ সংস্কাৰ কৰি দেৱীৰ পূজা-সেৱা চলাৰ ব্যৱস্থা কৰিছিল; কিন্তু চিলাৰায়ে যেতিয়া শ্ৰীমন্ত শঙ্কৰৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম ভাল পোৱা হল, শঙ্কৰক তেওঁৰ প্ৰাণৰ দেৱতা কৰিবলৈ একান্ত ইচ্ছা হল,তেতিয়া তেওঁ ককায়েক মহাৰাজৰ আদেশলৈ বাট চাব নোৱাৰা হল। নৰনাৰায়ণে শঙ্কৰক