সমললৈ যাওক

পৃষ্ঠা:চিলাৰায়.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিলাৰায়
 

নিৰ্মাণৰ কাম সম্পন্ন কৰে। এই সময়তে মহাৰাজা মহাৰাণী ভানুমতী শুক্লধ্বজৰ পত্নী চন্দ্ৰপ্ৰভা আৰু গৌড়ত বিয়া কৰোৱা মহিলাসকল নীলাচলত উপস্থিত হৈ মন্দিৰ উৎসৰ্গা কৰা কাম সম্পন্ন কৰে। ৰাইজৰ আগ্ৰহৰ নিমিত্তে এই সময়তেই চলন্ত বিগ্ৰহৰ ওচৰতে নৰনাৰায়ণ আৰু শুক্লধ্বজৰ পাথৰ মূৰ্তি নিৰ্মাণ কৰি ৰাখে। এই দুই মূৰ্তি বৰ্ত্তমানেও আছে।

 আমি ওপৰতে বিশ্বসিংহ মহাৰাজৰ বৈবাহিক সম্বন্ধবোৰৰ কথা কৈ আহিছোঁ। তেওঁ উত্তৰ ভাৰতৰ বিভিন্ন দেশৰ ৰজা আৰু প্ৰধান ব্যক্তিৰ কন্যা গ্ৰহণ কৰি সিবিলাকৰ লগত মিত্ৰতা সূত্ৰে আৱদ্ধ হৈছিল আৰু এই উপায়ে ৰাজ্য সুদৃঢ় কৰিছিল। মহাৰাজ নৰনাৰায়ণেও এই নীতিকে গ্ৰহণ কৰি আৰু ভায়েক চিলাৰায়কো এই নীতিৰে বিভিন্ন ঠাইৰ কন্যাৰ পাণিগ্ৰহণ কৰাইছিল।

 বিশ্বসিংহৰ সময়ত পাণ্ডুত প্ৰতাপৰায় নামে এজন প্ৰখ্যাত কায়স্থ ভূঞা আছিল; তেওঁৰ ভায়েকৰ নাম শ্বেতধাম। দুয়ো ভাই-ককাই শৌৰ্য্যে-বীৰ্য্যে বিশ্বসিংহতকৈ কম নাছিল; ইয়াৰ উপৰি দুয়োজনা ভূঞা সাধক আছিল। বিশ্বসিংহই সম্মুখ সমৰত এওঁলোকক বলে নোৱাৰি গুপ্তভাৱে শ্বেতধামক হত্যা কৰায়; ইয়াতে