সমললৈ যাওক

পৃষ্ঠা:চিলাৰায়.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিলাৰায়
 

আদৰ্শ স্থল আছিল। চিলাৰায় নিঃস্বাৰ্থপৰতা আৰু ভ্ৰাতৃপ্ৰেমৰ প্ৰভাৱত উত্তৰ-পূব ভাৰতৰ ৰাজনৈতিক আকাশত মধ্যাহ্ণ সূৰ্য্যৰদৰে উদয় হৈছিল। তেওঁৰ বাহুবলতেই পূবে মিথিলাৰপৰা পশ্চিমে পৰশুৰাম-কুণ্ডলৈ, উত্তৰে হিমালয়ৰপৰা দক্ষিণে চট্টগ্ৰামৰ ওচৰৰ সাগৰ-উপকূললৈ কামৰূপ-কমতা ৰাজ্য বিস্তাৰিত হৈ পৰিছিল।
 শুক্লধ্বজে বৰ্ত্তমান কোচবিহাৰৰ ভিতৰৰ তুফানগঞ্জত কোঠ বা দুৰ্গ সাজি বাস কৰিছিল; ইয়াক আজি-কালি “চিলাৰায়ৰ কোঠ” বোলে। ইয়াৰ ওচৰত “জাল-ধোৱা” নামে গাৱঁত তেওঁ এটা দুৰ্গ কৰিছিল। চিলাৰায়ে নিজাকৈ বাৰকোদালী গাৱঁত “বড় মহাদেৱ" আৰু নাককাটী গাছ গাৱঁত “ছোটমহাদেৱ” নামে দুটা শিৱ মন্দিৰ নিৰ্মাণ কৰায়; এই দুই বিগ্ৰহ বৰ্ত্তমানেও নিয়মিত ভাৱে পূজিত হব ধৰিছে। মহাৰাজ নৰনাৰায়ণৰ আদেশমতে শুক্লধ্বজে কামাখ্যা আৰু হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰ সংস্কাৰ কৰে। কামাখ্যা মন্দিৰ নিৰ্মাণ ভাৰ পোনতে মহুৰাম বৈদ্য নামৰ এজন কৰ্মচাৰীৰ ওপৰত দিছিল, তেওঁ ধন হৰণ কৰা অভিযোগত দোষী সাব্যস্ত হোৱাত মেঘামক্‌দুম নামৰ কৰ্মচাৰীয়ে মন্দিৰ